নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ
Mangalyaan:✒️বিগত ১১ বছৰ ধৰি বিভিন্ন কাম কৰি আহিছিল। অৱশেষত আয়ুসকাল শেষ হ’ল মঙল গ্রহলৈ নাছাই প্ৰেৰণ কৰা মহাকাশযানৰ। যোৱা ছয় ডিচেম্বৰৰৰ পৰা কোনো সঁহাৰি দিয়া নাই ‘মাভেন’, অর্থাৎ ‘মাৰ্ছ এটম’স্ফিয়াৰ এণ্ড ভোলাটাইল এভ’লিউচন’ নামৰ যানখনে। প্রায় তিনিদিন পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে বিবৃতিযোগে জনাইছে যে মাভেনৰ স’তে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। হতোদ্যম […]
টাইম বোমাৰ ওপৰত বহি আছে এছিয়াৰ দ্বীপ ৰাষ্ট্ৰ
Japan:✒️জাপান পুনৰ ভয়াৱহ চুনামিৰ কবলত পৰাৰ আশংকা প্রবল হৈছে। যোৱা সোমবাৰে আৰু শুকুৰবাৰে দ্বীপ ৰাষ্ট্ৰখনক দুটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায়। বিখটাৰ স্কেলত ৭.৬ আৰু ৬.৭ প্রাবল্যৰ এই ভূমিকম্প দুটাৰ জোঁকাৰণিৰ পাছতে সমগ্র দেশখনত ভয়ৰ সঞ্চাৰ হৈছে। এনে অৱস্থাতে জাপান চৰকাৰে আশংকা কৰা অনুসৰি, দ্বীপ ৰাষ্ট্ৰখন পুনৰ ভয়ংকৰ চুনামিৰ কবলত পৰিব পাৰে। সেই অনুসৰি দেশখনৰ বতৰ […]
প্ৰদূষণ কৱলত দিল্লী! বহু অঞ্চলত দৃশ্যমানতা শূন্য! বৃদ্ধি পাইছে উদ্বেগ
Delhi :✒️প্ৰদূষণৰ পৰা যেন কোনো ৰেহাই নাই দিল্লীৰ। দীপাৱলীৰ পৰা বতাহত প্ৰদূষক পদাৰ্থৰ মাত্ৰা বৃদ্ধি আৰম্ভ হোৱাৰ পিছৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈয়েই আছে। চিপিচিবিৰ তথ্য অনুসৰি দেওবাৰে পুৱা সাত বজাত দিল্লীৰ একিউআই ৪৬১। শনিবাৰে আছিল ৪৩১।অৰ্থাৎ আজিৰ পৰিস্থিতি কালিৰ তুলনাত আৰু শোচনীয়। আজি পুৱাৰে পৰা কুঁৱলীৰে আৱৰি ধৰিছে দিল্লী। কিছুমান অঞ্চলত দৃশ্যমানতা শূন্যত উপনীত হৈছে। […]
নিৰ্দিষ্ট সময়ৰ পূৰ্বে অফিচলৈ আহি বৰ্খাস্ত কৰ্মচাৰী
Spain:✒️অফিচত পলমকৈ উপস্থিত হোৱাৰ বাবে কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ উদাহৰণ অনেক আছে। অথচ নির্দিষ্ট সময়ৰ পূর্বে কার্যালয়ত উপস্থিত হোৱাৰ বাবে কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ উদাহৰণ হয়তো নাই বুলি ক’ব পাৰি। যদিও এনে এক ঘটনা সংঘটিত হৈছে স্পেইনত। অফিচ আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বে উপস্থিত হোৱাৰ বাবেই চাকৰি হেৰুৱালে এগৰাকী মহিলা কৰ্মচাৰীয়ে। প্রাপ্ত তথ্য অনুসৰি, প্রায় দুবছৰ ধৰি […]
আজি মোৰ বিয়া তথাপিও মেছিক চাবলৈ আহিছিলো…”, মেছিক চাবলৈ নাপায় ক্ষোভ প্ৰকাশ অনুৰাগীৰ
Leonel Messi লিয়নেল মেছি মানেই ফুটবল যাদু। অথচ কলকাতাৰ যুৱভাৰতী ক্রীড়াংগনত মেছিৰ সেই সম্মোহনী যাদুৰ বাবেই সংঘটিত হ’ল এক বিশৃংখল পৰিস্থিতিৰ। বহু মূল্যত টিকট কর্তন কৰিও মেছিক এবাৰ ভালদৰে স্বচক্ষে দেখা ক্ষুব্ধ হৈ শ শ দৰ্শকে স্টেডিয়াম ভাঙি চুৰমাৰ কৰে। আনকি অসংখ্য দর্শকে খেলপথাৰতো প্রৱেশ কৰে যদিও নিৰাপত্তা বাহিনীয়ে ফুটবলৰ ৰাজপুত্রক সুৰক্ষিতভাবে স্টেডিয়ামৰ পৰা উলিয়াই […]
নৱবৰ্ষত পদত্যাগ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে!
Narendra Modi:✒️আগন্তুক ইংৰাজী নৱবৰ্ষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পদত্যাগ কৰিব পাৰে বুলি এক ভবিষ্যদ্বাণী কৰিছে এজন বিখ্যাত জ্যোতিষীয়ে। চলিত বর্ষ শেষ হ’বলৈ মাজত মাথোঁ ১৮ দিন বাকী থকা অৱস্থাত জনপ্রিয় জ্যোতিষী মনীষ আগৰৱালে ভবিষ্যদ্বাণী কৰিছে যে অহা মে’ৰ ভিতৰত প্রধানমন্ত্রী মোদীৰ পদত্যাগৰ সম্ভাৱনা আছে। মোদীৰ পদত্যাগৰ পাছত কোনে প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিব সেই সম্পর্কেও আভাস দিছে […]
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভিযোগনামাক লৈ সৰৱ বিৰোধী
Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামাত এছআইটিয়ে চাৰিটা শিতানত তথ্য দাখিলৰে সাতজনক অভিযুক্ত কৰে। মৌখিক সাক্ষ্য গ্রহণ, চিকিৎসাৰ প্রমাণপত্র, ডিজিটেল তথ্য আৰু বিত্তীয় লেনদেনৰ শিতানত অভিযুক্ত কৰা হয় শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। মৌখিক সাক্ষ্য প্ৰমাণৰ শিতানত ঘনিষ্ঠ আৰু জুবিনক লগ পোৱা সকলে প্রয়াত শিল্পীগৰাকীৰ […]
Book release:✒️অসমীয়া চলচ্চিত্ৰৰ স’তে ৭০দশকৰ পৰাই কাৰিকৰী দিশত শব্দ গ্ৰহণকাৰী হিচাপে জড়িত শনিৰাম ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘ শনিৰাম ডেকা সোঁৱৰণীৰ সুমধুৰ সুবাস’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। কাহিলীপাৰাৰ ভগদত্তপুৰত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে সাংস্কৃতিক কৰ্মী হেমচন্দ্র পাঠক আৰু চলচ্চিত্র পৰিচালক জয়ন্ত বৰদলৈয়ে। কাৰাগাৰ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তৰুণ তালুকদাৰে […]
শ্বিলঙত মৃত্যু গোলকগঞ্জৰ দুই শ্ৰমিক
Shillong:✒️গোলকগঞ্জৰ মটেৰঝাৰৰ তিনি ভাই ককায়কে মেঘালয়ৰ শ্বিলঙত শ্ৰমিকৰ কাম কৰিবলৈ গৈ মৃত্যুক আকোঁৱালি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শ্বিলঙত কাম কৰিবলৈ যোৱা মটেৰঝাৰৰ তিনি ভাই ককায়কে ক্ৰমে ইমদাদূল হক, ইক্ৰামুল হক আৰু মফিদুল হকে যোৱা শুকুৰবাৰৰ নিশা আহাৰ গ্ৰহন কৰি কোঠালীত কয়লাত জুই জ্বলাই দি শুই পৰে। পিছদিনা পুৱা ৰহস্যজনক ভাবে কোঠাটোৰ পৰা উদ্ধাৰ হয় […]
‘গোল্ডেন প্লে বাটন’এ উপাৰ্জনৰ বাট মুকলি কৰে! ইউটিউব আয় গ্ৰাহকৰ সংখ্যাত নহয়, ভিউত নিৰ্ভ
Golden play button:✒️আজিকালি ইউটিউব হৈছে মনোৰঞ্জন, শিক্ষা বা তথ্যৰ বাবে এক জনপ্রিয় মঞ্চ।বহুতে এতিয়া ইউটিউবক পেছা হিচাপে বাছি লৈছে। যেতিয়া কোনো ইউটিউবাৰৰ চেনেলৰ ছাবস্ক্রিপছন আৰু ভিউ বৃদ্ধি পায়, তেতিয়া ইউটিউবে সৃষ্টিকর্তাক সম্মান জনোৱাৰ বাবে ‘ক্রিয়েটাৰ্ছ এৱাৰ্ড’ দিয়ে। ইয়াৰে আটাইতকৈ লোভনীয় হৈছে ‘গোল্ডেন প্লে বাটন’, যিটো চেনেলে ১০ লাখ গ্রাহকক অতিক্ৰম কৰিলে প্রদান কৰা হয়। বহুতে […]
Dainik Agradoot Today’s Edition 140December
অতিৰিক্ত ওজনৰ বাবে বঞ্চিত হয় মাতৃৰ শেষকৃত্যৰ পৰা
সাধাৰণ দুই-চাৰি কেজি ওজন কমাবলৈকে মানুহে অনেক কছৰৎ কৰিবলগীয়া হয়। তেনে অৱস্থাত শৰীৰৰ পৰা ৮৫ কেজি ওজন জোঁকাৰি পেলোৱাটো মুঠেই সহজ কথা নহয়। অথচ তেনে এক ঘটনাই সম্প্রতি পোহৰলৈ আহিছে। অত্যধিক ইচ্ছাশক্তি থাকিলেহে এই ধৰণৰ অসম্ভৱক সম্ভৱ কৰিব পৰা যায়। অৱশ্যে ইয়াৰ অন্তৰালত আছে এক করুণ কাহিনী। কেবল কঠোৰ পৰিশ্ৰম, স্বাস্থ্যকৰ ডায়েট আৰু শৰীপচৰ্চাই ইয়াৰ […]
Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ
Batadova Than: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱাত ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ১৬৫ বিঘা ভুমিৰ ” বটদ্ৰৱা প্ৰকল্প”টো অহা ২৯ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰ তথা অসমবাসীৰ বাবে উচৰ্গা কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভিৰ অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতিৰ বুজ ল’বলৈ […]
অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ!
Australia:১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া। বিগত বছৰৰ নৱেম্বৰ মাহত দেশৰ প্ৰতিনিধি সদনত এখন ঐতিহাসিক বিধেয়ক গৃহীত হৈছিল। অৱশেষত যোৱা ১০ ডিচেম্বৰ বুধবাৰে এই আইনখন কাৰ্যকৰী হ’ল। এই আইন মানি নচলা যিকোনো প্ৰতিষ্ঠানে সৰ্বোচ্চ পাঁচ কোটি অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা ভৰিব লাগিব, যিটো ভাৰতীয় মুদ্ৰাত […]
মহাৰাষ্ট্ৰত ন মাহত ৭৮১ জন কৃষকৰ আত্মহত্যা !
Maharashtra:✒️মহাৰাষ্ট্ৰত চলিত বৰ্ষৰ প্ৰথম ন মাহত ৭৮১ জন কৃষকে আত্মহত্যা কৰে। ঋণৰ বোজা, শস্যৰ বেয়া, অত্যধিক বৰষুণ– ৰাজ্যখনৰ কৃষকসকলে বিভিন্ন কাৰণত নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছে৷ বৃহস্পতিবাৰে ৰাজ্যৰ বিধান পৰিষদত লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে ৰাজ্যখনৰ সাহায্য আৰু পুনৰ্বাসন মন্ত্ৰী মকৰন্দ যাদৱ (পাটিল)য়ে।চৰকাৰী তথ্য অনুসৰি সৰ্বাধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বিদৰ্ভৰ নাগপুৰ সংমণ্ডলত। […]
মহিলাসকলে ৰেলত যাত্ৰা কৰিলে এই নটা সুৰক্ষাৰ টিপছ মানি চলক
ৰেল যাত্ৰাৰ নিজস্ব মনোমোহাতা আছে। খিৰিকীৰ বাহিৰৰ ৰসাল সেউজীয়া, সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু ইখনৰ পাছত সিখন চহৰৰ অতিক্রম। গন্তব্যস্থান পোৱাৰ আগতেই এক পুৰস্কাৰজনক অভিজ্ঞতাৰ সৃষ্টি কবে। কিন্তু এই ৰোমাঞ্চকৰ যাত্ৰাৰ আনন্দ নষ্ট হৈ যায় যেতিয়া আপোনাৰ অসাৱধানতাই সুৰক্ষাৰ বিপদৰ সৃষ্টি কৰে। ভাৰতীয় ৰেলৱেত যাত্ৰা কৰাটো আনন্দদায়ক, যদিহে ইয়াক নিৰাপদে কৰা হয়, বিশেষকৈ মহিলাসকলৰ বাবে। […]
Wild Elephant Attack in Hojai:হোজাইত হাতীৰ গছকত বৃদ্ধাৰ মৃত্যু
Wild Elephant Attack in Hojai: খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীজাকৰ পৰা বিচ্ছিন্ন এটা হাতীৰ আক্রমণত নিহত এগৰাকী বৃদ্ধা ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় হোজাইৰ জৰাংপথাৰত ৷ নিজ বাসগৃহৰ চোতালত নাতিয়েকৰ স’তে উমলি থকাৰ সময়ত এটা বনৰীয়া হাতীয়ে হঠাতে পিছফালৰ পৰা আক্ৰমণ কৰে ৷ হাতীৰ গছকত গুৰুতৰভাবে আহত বৃদ্ধা গৰাকীক ডিফুৰ চিকিৎসালয়লৈ নিয়া […]
Dibrugarh: জ্যোতি –বিষ্ণু আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা
Dibrugarh: বিশিষ্ট কন্ঠ শিল্পী তথা জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা। জনতাৰ শিল্পী লোহিত গগৈ লগতে বহু শিল্পীক লৈ গঠিত “মানুহে মানুহৰ বাবে” নামৰ অনুষ্ঠানটোৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে অনাতাঁৰ শিল্পী ভূৱন গগৈলৈ এই বটাঁ ঘোষণা। অহা ১৮ জানুৱাৰীত ধেমাজি জিলাৰ জীয়াঢলত অনুষ্ঠানটোৰ […]
Fire breaks out at Upper Subansiri Hydropower Project: গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰায়ে ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ অহা অঘটন নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ এইবাৰ পুনৰ সংঘটিত হ’ল আন এক ভয়ংকৰ অঘটন। প্ৰকল্পৰ এছ টি ছাইডৰ পাহাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । মুহূৰ্ততে জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে গেৰুকামুখ প্ৰকল্পস্থলীৰ পাহাৰ। অগ্নিকাণ্ডৰ পিছতে প্ৰকল্পস্থলীত […]
Winter:✒️প্রত্যেক বছৰতে পৰিৱৰ্তন ঘটিছে পৃথিৱীৰ বতৰত। সেইদৰে চাবলৈ হ’লে পৃথিৱীৰ প্ৰতিখন দেশৰ পৰিৱেশত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। এই বছৰ শীতে লাহে লাহে বিশ্বৰ বিভিন্ন দেশত নিজৰ প্ৰভাৱ দেখাবৰৈ আৰম্ভ কৰিছে। যিসকলে শীতক পছন্দ কৰে তেওঁলোকৰ বাবে এয়া এক ভাল সময়; কিন্তু আন কথা কৈছে একাংশ বিশেষজ্ঞই।চলিত বছৰত বৰ্ষাৰ প্ৰভাৱ বহু বেছি দেখা গৈছিল। এইবাৰ গৰমে […]
বীমা খণ্ডত ১০০% বিদেশী বিনিয়োগ! কেন্দ্ৰীয় কেবিনেটত লাভ কৰিলে অনুমোদন
FDI:✒️দেশৰ বীমা খণ্ডত এক বৃহৎ পৰিৱৰ্তন। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ত অনুমোদন জনায়। অৰ্থাৎ বিদেশী বিনিয়োগকাৰীয়ে এতিয়া দেশৰ বীমা কোম্পানীত ১০০ শতাংশ পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। জ্ঞাত মহলে অনুমান কৰে যে এই পদক্ষেপৰ লক্ষ্য হৈছে দেশলৈ অধিক মূলধন অনা, প্ৰতিযোগিতা বৃদ্ধি, আৰু গ্ৰাহক সেৱা শক্তিশালী কৰা। এই সন্দৰ্ভত বিধেয়কখন […]
Retired Air Force officer arrested in Tezpur:ঘৰ বিভীষণৰ ৰূপত অৱসৰ প্ৰাপ্ত বায়ুসেনাৰ বিষয়া
Retired Air Force officer arrested in Tezpur: ঘৰ বিভীষণৰ ৰূপত অৱসৰ প্ৰাপ্ত বায়ুসেনাৰ বিষয়া ৷ পাকিস্তানৰ চোৰাংচোৱাৰে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অবসৰী বায়ুসেনাৰ বিষয়াজনক। তেজপুৰৰ পতিয়াস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা বিষয়াজনৰ নাম কুলেন্দ্ৰ শর্মা আটকাধীন কুলেন্দ্ৰ শর্মাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্র চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱাক যোগান ধৰাৰ অভিযোগ উদ্থাপিত হৈছিল। […]
মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা!
Lionel Messi:✒️শনিবাৰে পুৱা কলকাতাত অৱতৰণ কৰে লিয়নেল মেছিয়ে। তিনিদিনীয়া ‘গোট ট্যুৰ ইণ্ডিয়া’ৰ আৰম্ভণিতে কটকটীয়া নিৰাপত্তাৰ অধীনত বিমানবন্দৰৰ পৰা পোনে পোনে নিজৰ হোটেলত উপস্থিত হয় আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকী(Lionel Messi GOAT Tour)। তেওঁ কলকাতালৈ অহাৰ খবৰে সমগ্ৰ মহানগৰীত এক উন্মাদনাৰ সৃষ্টি কৰিছিল। মেছিৰ স’তে ভাৰতলৈ আহিছে তেওঁৰ দীৰ্ঘদিনীয়া সতীৰ্থ লুইছ ছুৱেৰেজ আৰু আৰ্জেণ্টিনাৰ সতীৰ্থ ৰড্ৰিগো ডি পল। অৱশ্যে […]
Boko incident:বকোৰ বামুণীগাও- জামবাৰী সংযোগী পথৰ কালভাৰ্তৰ দ-খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ
Boko incident: বকোৰ বামুণীগাও-জামবাৰী সংযোগী পথৰ কালভাৰ্তৰ দ-খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ I মৃত লোকজন জামবাৰী মেধি পাৰাৰ ধীৰাজ মেধি (৩৪) বুলি জানিব পৰা গৈছে I বৰ্তমান মৃত্যুৰ কাৰণ ধৰিব পৰা নাই যদিও পৰিয়ালৰ লোকৰ গাড়ীৰ খুন্দিয়াই যোৱাৰ সন্দেহ। ঘটনাস্থলীত জামবাৰী পহৰা আৰক্ষী উপস্থিত।
Fraudsters arrested:প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক আৰক্ষীৰ জালত
Fraudsters arrested: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিৱনুৱাৰ সংখ্যা ৷এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে শিক্ষিত নিৱনুৱাৰ ৷ এনে নিবনুৱাৰ অসহায়তাৰ সূযোগ গ্ৰহণ কৰি প্ৰৱঞ্চক চক্ৰৰ টার্গেট হৈছে শিক্ষিত নিবনুৱা। চৰকাৰী চাকৰিৰ দিয়াৰ নামত গুৱাহাটীত প্ৰৱঞ্চক চক্ৰই গঢ়ি তুলিছে বিশেষ নেটৱৰ্ক ৷ শেহতীয়াকৈ নিজনে এনএইছএমৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি চাকৰিৰ দিয়াৰ নামত কেৰোনৰে লাখে […]
মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি
Lionel Messi:✒️মেছি জ্বৰত আক্ৰান্ত কলকাতা। শুকুৰবাৰে নিশা কলকাতাত ভৰি দিলে লিয়নেল মেছিয়ে। স্বাভাৱিকতে যুৱ ভাৰতী ক্ৰীড়া কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবোৰ উন্মাদনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আশা কৰা মতে বিপুল জনসমাগম চম্ভালিবলৈ সষ্টম কলকাতা আৰক্ষী। মেছি সম্পৰ্কীয় অনুষ্ঠানৰ আশে-পাশে যুৱ ভাৰতী আৰু কাষৰীয়া অঞ্চলসমূহত যাতায়তৰ বিশেষ বাধা আৰোপ কৰা হৈছে। সূত্ৰ অনুসৰি অনুষ্ঠানৰ সময়ত আৰু […]
Four Assam cricketers suspended:অসম ক্ৰিকেটৰ চাৰি ক্ৰিকেটাৰক নিলম্বন
Four Assam cricketers suspended: অসম ক্ৰিকেটত অঘটন ৷ ৰাজ্যৰ চাৰি ক্ৰিকেটাৰক তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ নিলম্বন কৰে অসম ক্ৰিকেট সন্থাই। চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়তে ৪ ক্রিকেটাৰক মেচ ফিক্সিঙৰ অভিযোগত নিলম্বন কৰা হয় ৷ নিলম্বিত চাৰি ক্ৰিকেটাৰ হ’ল অমন ত্রিপাঠী, অভিষেক ঠাকুৰ,অমিত সিংহ আৰু ঈশান আহমেদ ৷ আনহাতে অসম ক্ৰিকেট সন্থাই আন আন ক্ৰিকেটাৰক প্ৰাৰোচিত […]
Cabinet approves scheme of Conduct of Census of India 2027:দেশত লোকপিয়ল আৰম্ভ হ’ব ২০২৭ বৰ্ষত
Cabinet approves scheme of Conduct of Census of India 2027: দেশত লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ’ব ২০২৭ চনত ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে লোকপিয়লত দিয়ে অনুমোদন ৷ একেদৰে লোকপিয়লৰ বাবে ১১,৭১৮,২৪ কোটি টকাৰো অনুমোদন দিয়ে ৷ উল্লেখ্য যে দুটা পৰ্যায়ত হ’ব লগা লোকপিয়লত জড়িত হ’ব প্ৰায় ৩০ লাখ চৰকাৰী বিষয়া। আনহাতে লোকপিয়লৰ […]
আচাৰ তৈয়াৰ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ঘিলাধাৰী আদৰ্শ গাঁৱৰ জোনটি বৰাই
গোলাঘাটৰ ভিতৰত বৃহত্তম গাঁও ঘিলাধাৰী মৌজাৰ আদৰ্শ গমাৰীৰ এগৰাকী মহিলা জোনটি বৰাই সাংসাৰিক জীৱনৰ ঘাত-প্রতিঘাতৰ মাজত বিভিন্ন তৰহৰ আচাৰ তৈয়াৰ কৰি ব্যৱসায় কৰি বৰ্তমান সমগ্র অঞ্চলৰ বাবেই স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিছে। জোনটিয়ে আন ন গৰাকী সদস্যাসহ ২০১৬ত ৰ’দালি আত্মসহায়ক গোট গঠন কৰি গমাৰী উন্নয়ন খণ্ডত অন্তর্ভুক্ত হৈ আচাৰ তৈয়াৰ কৰিবলৈ লয়। পকামিস্ত্ৰিৰ কাম কৰি সংসাৰ […]
বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’
Chandrayaan-3 চন্দ্ৰৰ দক্ষিণ মেৰুৰ সম্পর্কে চমকপ্রদ তথ্য দাঙি ধৰিলে ইছৰ’ৰ ‘চন্দ্ৰযান ৩’-এ। চন্দ্রপৃষ্ঠৰ প্রায় সমান্তৰালকৈ এক গতিশীল তথা বৈদ্যুতিকভাবে সক্রিয় পৰিৱেশৰ কথা জনা গৈছে প্রকাশিত তথ্যৰ পৰা। প্রাপ্ত তথ্য অনুসৰি, যোৱা ২৩ আগষ্টৰ পৰা তিনি ছেপ্টেম্বৰ পৰ্যন্ত প্রাপ্ত তথ্য বিশ্লেষণ কৰি অবাক হৈ পৰিছে ইছৰ’ৰ বিজ্ঞানীসকল। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্রই জনাইছে যে চন্দ্ৰৰ সেই […]
এজনো কেবিনেট মন্ত্রী উপস্থিত নথকাত ১০ মিনিট স্থগিত ৰাজ্যসভা
মোদী চৰকাৰৰ কেবিনেট মন্ত্রীবর্গই প্ৰদৰ্শন কৰিলে জনতাৰ প্ৰতি দায়বদ্ধতাৰ অভাৱক। কেবিনেট মন্ত্রীবৰ্গৰ অনুপস্থিতিৰ বাবে আজি উচ্চ সদনৰ ১০ মিনিট বহুমূলীয়া সময় নষ্ট হয়। উল্লেখ্য যে কালি ২০০১ৰ সন্ত্রাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ২৪ বছৰ পূৰ্তি হয়। উচ্চ সদনত সাংসদবর্গই এই আক্রমণত নিহতসকলক লৈ শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত অনুধাৱন কৰে যে সদনত এজনো কেবিনেট মন্ত্রী উপস্থিত নাই। এই […]
প্রিয় শিল্পীৰ –আত্মাই পৰৱৰ্তী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকৃত ন্যায় লাভ কৰিবনে?
Zubeen Garg:✒️কমেও ডেৰ-দুই বছৰীয়া পৰিকল্পনাক যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ সাগৰৰ বুকুত কাৰ্যকৰী ৰূপ দি হত্যা কৰা হৈছিল জুবিন গাৰ্গক। হিয়াৰ আমঠু শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ গঠিত বিশেষ তদন্তকাৰী গোট (এছআইটি) শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত (চিজেএম) ত দাখিল কৰা বহু চৰ্চিত আৰু বহু অপেক্ষিত সুবৃহৎ অভিযোগনামাত এই কথাই স্পষ্টভাৱে উল্লেখ কৰা […]
Dainik Agradoot Today’s Edition 12 December
San Francisco:✒️আমেৰিকাৰ ছেন ফ্রান্সিস্কোত চালকহীন ৱেম’ ৰ’ব’ টেক্সিয়ে সকলোকে চমকিত কৰিলে। ৱেম’ই এগৰাকী গৰ্ভৱতী মহিলাক টেক্সিৰ ভিতৰত সন্তান প্ৰসৱ কৰাৰ পাছতে জৰুৰীকালীন পৰিস্থিতিৰ অনুমান কৰি গাড়ীখন চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পাছতে চালকহীন গাড়ীখনৰ পৰা চিকিৎসালয়ৰ কৰ্মীয়ে সন্তান প্ৰসৱ কৰা মহিলাগৰাকীক সন্তানসহ চিকিৎসালয়ৰ ভিতৰলৈ লৈ যায়। ৰ’ব’ টেক্সিৰ এই কাণ্ডই সকলোকে মুগ্ধ কৰিলে। উল্লেখ্য যে বর্তমানে […]
SDGP Munna Prasad Gupta: আজি এছআইটিয়ে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা জুবিন গাৰ্গ মৃত্যুৰ অভিযোগনামা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে এছআইটিৰ মুৰব্বী মুন্নাা প্রসাদ গুপ্তাই। চিআইডি হেড কোৱাৰ্টাৰত অনুষ্ঠিত সংবাদমেলত এছডিজিপি গৰাকীয়ে কয়,জুবিন গাৰ্গ মৃত্যুৰ ১৮/২০২৫ গোচৰত চিজেএম আদালতত দাখিল কৰা হয় চাৰ্জশ্বীট ৷ অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ ৬১(২), ১০৩ (১), […]
দামী পেষ্ট ব্যৱহাৰ কৰাৰ পাছতো আপোনাৰ দাঁত হালধীয়া হৈছে?
Theeth:✒️আমাৰ মাজৰ কিমানজনে দাঁতৰ মূল্য বুজি পায় যেতিয়া দাঁত থাকে? আমি প্রায়ে প্রতিদিনে আমাৰ সামগ্রিক স্বাস্থ্য বজাই ৰখাত সহায় কৰা অংগবোৰক অৱহেলা কৰো। দাঁত ইমান গুৰুত্বপূৰ্ণ অংশ। যদি আমি মুখগহ্বৰৰ ভিতৰত স্বাস্থ্যৰ যত্ন নলওঁ তেন্তে দুখ-কষ্টৰ আশংকা বেছি। সাধাৰণতে দাঁতৰ স্বাস্থ্য বজাই ৰাখিবলৈ চিকিৎসকে নিয়মিতভাৱে ব্রাছ, ফ্লছিং বা মাউথৱাছ কৰাৰ পৰামৰ্শ দিয়ে; কিন্তু আমাৰ বহুতেই […]
গোৱাৰ পাছত এইবাৰ ভুৱনেশ্বৰ! বিধ্বংসী জুইত ছাই হ’ল ৰুফটফ পানশালা
Bhubaneswa:✒️গোৱাৰ পাছত এইবাৰ ভুৱনেশ্বৰ! উৰিষ্যাৰ ৰাজধানী চহৰৰ এখন বাৰত ভয়ংকৰ অগ্নিকাণ্ড। জ্বলি ছাই হ’ল ৰুফটপ বাৰ ।শুকুৰবাৰে পুৱা বাৰখনত সংঘটিত হয় এই অগ্নিকাণ্ড। বৰ্তমানলৈকে এই ঘটনাত কোনো লোক আহত বা হতাহতি হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন তৎপৰতাত জুই নিৰ্বাপন কৰে। শুকুৰবাৰে পুৱা ভুৱনেশ্বৰৰ সত্যবিহাৰ অঞ্চলৰ বাসিন্দাসকলে পানশালা খনৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰে। জুইয়ে দ্ৰুতগতিত […]
Accident:মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত শোকাৱহ পথ দুৰ্ঘটনা
Accident: মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত শুকুৰবাৰে দুপৰীয়া সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় এটি পাঁচবছৰীয়া কণমানি। বিদ্যালয়ৰ পৰা মাতৃৰ স’তে স্কুটীৰে আহি অৱস্থাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাটি ৷ নিহত কণমানিটি হাতীগাঁওস্থিত লিটল ফ্লাৱাৰ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৷ কণমানিটিৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰিছে সমগ্ৰ সিজুবাৰী অঞ্চলটি।
CM Reactions:জুবিন গাৰ্গ মৃত্যু ঘটনাৰ চার্জশীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
CM Reactions: হিয়াৰ আমঠু জুবিন গাৰ্গ মৃত্যু ঘটনাৰ তদন্তৰ ৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছ আই টিয়ে দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। সেই অনুসৰিয়ে আজি দাখিল কৰা হ’ল […]
Chargesheet:জুবিন গাৰ্গ মৃত্যু গোচৰৰ তদন্তৰ অভিযোগনামা কেনেদৰে চাব পাৰিব !
Chargesheet: আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ পিআইত দাখিল কৰি হয় জুবিন গাৰ্গ মৃত্যু গোচৰৰ তদন্তৰ অভিযোগনামা ৷ অভিযোগনামা দাখিল কৰে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতা আৰু সহযোগি বিষয়া মৰমী মেধিয়ে ৷ উল্লেখ্য যে চিআইডিৰ এছ আই টিৰ দুজনীয়া দলটিয়ে চাৰিটাকৈ ট্ৰাংকত অনা ৭০০০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট আৰু ৩৫০০ৰ নথিৰ টোপোলা জমা […]
ইণ্ডিগ’কাণ্ডৰ পাছতে চাৰিজন ‘বিমান পৰিদৰ্শক’ক নিলম্বন কৰিছে ডিজিচিএই
IndiGo:✒️ইণ্ডিগ’ৰ কাণ্ডৰ পাছতে দেশৰ বিমান নিয়ন্ত্ৰণ কৰ্তৃপক্ষ ডিজিচিএই চাৰিজন ‘বিমান পৰিচালনা পৰিদৰ্শক’ক নিলম্বন কৰিছে। ডিজিচিএই ‘ফ্লাইট অপাৰেচন ইন্সপেক্টৰ’ নিযুক্তি দিয়ে যাতে বিভিন্ন বিমান সংস্থাৰ যাত্ৰী সেৱাত কিবা অভাৱ আছে নে নাই আৰু বিমান সংস্থাসমূহৰ হাতত সেৱা প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো সম্পদ আছে নে নাই তাক তদাৰক কৰে। ডিজিচিএৰ সূত্ৰই জনোৱা মতে, চাকৰিৰ পৰা বৰ্খাস্ত কৰা […]
Kamrup CJM Court:কামৰূপ চি জেএম আদালতত দাখিল হ’ল ৭ হাজাৰ পৃষ্ঠাৰ বিশাল অভিযোগনামা
Kamrup CJM Court: অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ ৭ হাজাৰ পৃষ্ঠাৰ বিশাল অভিযোগনামা আজি দুপৰীয়া কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাই দাখিল কৰে ৷ চাৰ্জশ্বীটৰ স’তে এছআই টিয়ে জমা দিয়া ৩৫০০ নথি সহ কেতবোৰ সামগ্ৰী ৷ উল্লেখ্য যে মূল অভিযুক্ত হিচাপে পৰিগণিত কৰা হৈছে […]
ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি
UNESCO:✒️ইটালীৰ বন্ধনশৈলীয়ে ইউনেস্ক’ৰ পৰা দুর্লভসাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি অর্জন কৰিলে। উল্লেখ্য যে বিশ্বত প্ৰথমবাৰৰ বাবে এখন দেশক এই সম্মান প্রদান কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্ক’ৰ এক গুরুত্বপূর্ণ সভাই কালি ভাৰতৰ দীপাৱলী উৎসৱক মানৱ জাতিৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি প্রদান কৰে। ইয়াৰ পাছতে ইটালীৰ বন্ধন প্ৰকৰণ শৈলীলৈ সংস্থাটোৱে এই স্বীকৃতি আগবঢ়াইছে ইয়ে বিশ্বৰ প্রেক্ষাপটত […]
WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!
WHO:✒️প্ৰদূষণৰ পৰা যেন কোনো ৰেহাই নাই দিল্লীৰ। প্ৰায় প্ৰতিদিনেই পুৱাৰ পৰাই ৰাজধানীখন কুঁৱলীৰ কম্বলে ঢাকি ৰাখে! আনকি সামান্য দূৰৈৰ বস্তুবোৰো কষ্টেৰে দেখা যায়।দীপাৱলীৰ পৰাই দিল্লীৰ বায়ু বিষাক্ত হৈ পৰিছে । সেয়েহে দিল্লী চৰকাৰে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিছিল যদিও বৰষুণৰ পৰিমাণ সামান্য আছিল। ইফালে প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰই সংসদক জনাইছে […]
Justice Soumitra Saikia Judicial Commission:আজি অন্ত পৰিল ন্যায়িক আয়োগত শপতনামা দাখিলৰ দিন
Justice Soumitra Saikia Judicial Commission: হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সৌমিত্ৰ শইকীয়াৰ নেতৃত্বাধীন এজনীয়া ন্যায়িক আয়োগত শপতনামা দাখিলৰ আজি অন্তিম দিন ৷ ইতিমধ্যেই ন্যায়িক আয়োগত দাখিল হৈছিল ৪০খনকৈ শপতনামা l উল্লেখ্য যে পূৰ্বতে শপতনামা দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল ২১ নৱেম্বৰ ৷অৱশ্যে পিছত বৰ্ধিত ২০ দিনৰ […]
Zubeern Garg Chargesheet: সকলো উৎকণ্ঠাৰ অন্ত পেলাই হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰাৰ বাবে এছআইটিৰ দল আজি দুপৰীয়া আদালত চৌহদত উপস্থিত হয় ৷ এছ আইটিৰ তদন্তকাৰী বিষয়া ৰ’জী কলিতা আৰু মৰমী মেধিৰ নেতৃত্বত এটা দলে পুৱা ১১ বজাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে জুবিন গাৰ্গৰ ফটো সম্বলিত SITৰ বাহনত […]
বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ
দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে কৃতিত্ব দাবী কৰাৰ সময়তে এক উদ্বেগজনক তথ্য প্রকাশ কৰিছে বিশ্ব বেংকে। বিশ্ব বেংকৰ শেহতীয়া তথ্য অনুসৰি দেশত – কেৱল চহকী আৰু অতি চহকীসকলৰহে সম্পদ বা আয়হে বৃদ্ধি পাইছে। আনকি চলিত বৰ্ষত দেশৰ নিম্ন আয়ৰ ৫০ শতাংশ লোকে কৰা আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ মাথোঁ ১৫ শতাংশহে। […]
আজি ১২ ডিচেম্বৰ! আজি দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট
আজি ১২ ডিচেম্বৰ। প্ৰত্যেক অসমীয়াই অতি আগ্ৰহেৰে ৰৈ আছিল আজিৰ দিনটোলৈ। প্ৰায় ৮৩ দিন হ’ল আজি জুবিন বিহীন অসমৰ।বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ বুকুত কি ঘটিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত সেই উত্তৰ আজি সকলোৱে পাব। জুবিন গাৰ্গৰ নামৰ এই বিশাল সত্তা নোহোৱা হোৱাটো আজিও অসমীয়াই মনে প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । ছিংগাপুৰত সেই […]
ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই অতিক্ৰম কৰিলে ৪০ লাখ
National Career Service:✒️ৰাজ্যৰ বিজেপি চৰকাৰে, বিশেষকৈ মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শৰ্মাই অসমত পূৰ্বৰ পূৰ্বৰ তুলনাত নিবনুৱা সমস্যা হ্রাস হোৱা বুলি সময়ে সময়ে দাবী কৰি অহাৰ সময়তে ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ৪০ লাখৰ ঘৰ অতিক্ৰম কৰিলে। লক্ষ্যণীয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ৩৬ লাখ। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্রণালয়ৰ অধীনস্থ ‘নেচনেল […]
মোডীৰ ৰাজ্যত পাঁচ বছৰত ৬.৩৪ লাখ ৰেচন কাৰ্ড বাতিল !
Narendra Modi:✒️নিঃশব্দে বাতিল হ’ল প্ৰায় ছয় লাখ ৫০ হেজাৰ ৰেচন কাৰ্ড ! বিগত পাঁচ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত ৰেচন কাৰ্ড হিতাধিকাৰীৰ তালিকাৰ এই পুনৰীক্ষণে এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে। এই হিতাধিকাৰীসকলৰ নাম আঁতৰোৱাৰ কাৰণ সন্দৰ্ভতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে।২০২০ চনৰ পৰা চলিত বৰ্ষৰ অক্টোবৰলৈ গুজৰাটত মুঠ ৬.৩৪ লাখ ৰেচন কাৰ্ড বাতিল কৰা […]
Nagaon:নগাঁৱৰ নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত ‘ৰাইজৰ উৎসৱ’সফলতাৰে সম্পন্ন
Nagaon: নগাঁও জিলাৰ কঠিয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত নামবৰ লালুং সমল কেন্দ্ৰৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ‘ৰাইজৰ উৎসৱ’টি অনুষ্ঠিত হয় । নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত উৎসৱটি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা শংকৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ শইকীয়াই । বিদ্যালয় আৰু স্থানীয় লোকসকলৰ মাজত সু-সম্পৰ্ক স্থাপন আৰু ছাত্ৰ-ছাত্ৰীক নিজা […]
Rhino Attack:গৌৰীসাগৰৰ খনামুখ ভিতৰুৱালত গড়ৰ বিচৰণক লৈ আতংকিত গঞা
Rhino Attack: গৌৰীসাগৰৰ খনামুখ ভিতৰুৱালত গড়ৰ বিচৰণক লৈ আতংকিত গঞা ৷ জকাইচুক পথাৰত গঁড়ৰ বিচৰণক লৈ ৰাইজ আতংকিত হৈ থকাৰ মাজতে গড়টোৰ আক্ৰমণত আহত হয় এজন যুৱক ৷ আঘাতপ্রাপ্ত যুৱকজনৰ নাম দীপাংকৰ কোঁৱৰ ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ আনহাতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গড়টোক জকাইচুক পথাৰৰ পৰা আঁতৰাই পঠিয়াবলৈ অহৰহ […]
Dainik Agradoot Print Edition 11 December
Arunachal Accident:অৰুণাচলৰ হাইলঙত শোকাৱহ পথ দুৰ্ঘটনা
Arunachal Accident: চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচল প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা তলত পৰিল শ্রমিক কঢ়িওৱা ডাম্পাৰ। থিতাতে নিহত ডাম্পাৰ খনৰ আৰোহী ২২জনকৈ অসমৰ শ্ৰমিক ৷ দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ খনত আছিল ২৩ জনকৈ শ্ৰমিক। স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰে বুদ্ধেশ্বৰ দীপ নামৰ শ্ৰমিকজনক ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰিছে ১৩ […]
বৃহস্পতিবাৰেও ইণ্ডিগ’ৰ কেবাখনো বিমান বাতিল!
IndiGo:✒️এসপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল। ইণ্ডিগ’ৰ বিপৰ্যয়ৰ ফলত বৃহস্পতিবাৰেও অব্যাহত আছে বিমান যাত্ৰীসকলৰ দুর্ভোগ। যদিও পূৰ্বৰ তুলনাত বিমান বাতিলৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে,যাত্ৰীৰ অসুবিধা কমি যোৱা নাই। বৃহস্পতিবাৰৰ পুৱালৈকে কমেও ৬০খন বিমান বাতিল কৰা হৈছে। এনে পৰিস্থিতিত বৃহস্পতিবাৰে বিয়লি ভাৰতৰ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ কাৰ্যালয়ত ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছ হাজিৰ হোৱাৰ কথা। তেওঁ তাত বিমান […]
এই ছটা অভ্যাসে আপোনাৰ স্মৃতিশক্তি মজবুত কৰিব
আজিকালি কিছুমান মানুহে সৰু সৰু কথাও পাহৰি গৈছে। কিছুমান ক্ষেত্রত তেওঁলোকে কিয় কোঠা এটাত সোমাইছিল সেই কথা মনত পেলাব নোৱাৰে আৰু কেতিয়াবা জিভাৰ আগত শব্দ এটা থাকিলেও মনত পেলাব নোৱাৰে। সৰু সৰু কথা পাহৰি যোৱাৰ ক্ষেত্ৰত মানসিক চাপ এটা কাৰক হ’ব পাৰে। যদি আপুনিও দৈনন্দিন কামবোৰ পাহৰি গৈছে, তেন্তে আমি কিছুমান অভ্যাসৰ কথা উলিয়াইছো যিয়ে […]
Bijni;বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ সংবাদমেল
Bijni : ডি ভোটাৰ, ডিটেনছন কেম্প, বৈদেশিক ন্যায়াধিকৰণত চলি থকা গোচৰ, প্ৰকৃত ভাৰতীয়ক বিদেশীৰ নামত অত্যাচাৰ, বাঙালী সকলৰ সমস্যা সন্দৰ্ভত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰে সংবাদমেল সম্বোধন কৰে।বিজনীৰ সম্পৰ্ক হোটেলত আয়োজন কৰা সংবাদমেলত চৰকাৰে হিন্দু বেংগলিক বাদ দি কোচৰাজবংশী আৰু গৰ্খা সকলক বিনা স্বৰ্তত নাগৰইকত্ব দিয়া হ’ব আৰু […]
Chargesheet:শুকুৰবাৰে দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট
Chargesheet: সকলো উৎকণ্ঠাৰ অন্ত পেলাই হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট শুকুৰবাৰে কামৰূপ চিজেএম আদালতত এছআইটিয়ে দাখিল কৰিব। আদালতত এছআইটিয়ে মাত্ৰ এখনেই চাৰ্জশ্বীট দাখিল কৰিব ৷ উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ চিআইডিৰ ৰজু হোৱা ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট তিনি হাজাৰৰো অধিক বুলি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। মনকৰিবলগীয়া যে ছিংগাপুৰত […]
Jorhat Murder:যোৰহাটৰ চাহ বাগানত চাঞ্চল্যকৰ ঘটনা
Jorhat Murder: যোৰহাটৰ ম’হবন্ধাত চাঞ্চল্যকৰ ঘটনা ৷ পুৱা বাগানৰ লাইনৰ আবাসীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ অর্ধউলংগ মৃতদেহ ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পৰ্শ আছিল ৷ সন্দেহ কৰা মতে অচিনাক্ত দুৰ্বৃত্তই মহিলা গৰাকীক বল্যাৎকাৰ কৰি এইদৰে পেলাই থৈ যায় চাহ বাগানৰ মাজত৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো […]
Fake Doctor Arrested: পল্টন বজাৰ আৰক্ষীৰ জালত মুন্নাভাই BAMS. MD
Fake Doctor Arrested: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ দপদপনি ৷ য’তে ত’তে মুন্নাভাই ৰূপী ভুৱা চিকিৎসকে সংগোপনে অব্যাহত ৰাখিছে চিকিৎসা সেৱা ৷ এইবাৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰাই আটক হ’ল এজন ভুৱা চিকিৎসক ৷ দীৰ্ঘদিন ধৰি ৰিহাবাৰীত গুৱাহাটী আয়ুর্বেদ ভৱন নামৰ এখন চেম্বাৰ খুলি ৰোগীক চিকিৎসা কৰিছিল ডা: সুমন ভট্টাচার্জী নামৰ ভুৱা […]
গ্ৰীণ কাৰ্ডতকৈ অধিক সুবিধা প্ৰদান কৰা ‘গোল্ড কাৰ্ড’ ভিছা মুকলি কৰিলে ট্ৰাম্পে
Donald Trump:✒️আমেৰিকাত স্থায়ীভাৱে বাস কৰিব বিচৰা ব্যক্তিসকলে এতিয়াৰে পৰা ‘ট্ৰাম্প গোল্ড কাৰ্ড’ বা ‘গোল্ড কাৰ্ড’ ভিছাৰ বাবে আবেদন কৰিব পাৰিব। এই ভিছাৰ কথা পূৰ্বে ঘোষণা কৰা হৈছিল । যোৱা ছেপ্টেম্বৰ মাহত এই সংশ্লিষ্ট নিৰ্দেশনাত স্বাক্ষৰ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । বুধবাৰে আমেৰিকা প্ৰশাসনে এই ভিছা কাৰ্যকৰী কৰে। বুধবাৰৰ পৰা গোল্ড কাৰ্ড ভিছাৰ বাবে আবেদন […]
Guwahati Fire:৩৪ ঘণ্টা পাৰ হ’ল এতিয়াও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ
Guwahati Fire: ৩৪ ঘণ্টা পাৰ হ’ল যদিওএতিয়াও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰৰ প্ৰাসাদোপম অট্টালিকা ৷ সকলোৰে উৎকণ্ঠা জুই নির্বাপন কৰিবলৈ সক্ষম হ’বনে অগ্নিনির্বাপক বাহিনীয়ে ৷ মঙলবাৰে মাজনিশাৰ পৰা গুৱাহাটীৰ অন্যতম অভিজাত সাতমহলীয়া অট্টালিকা স্বাগতা স্কোৱেৰত যি জুইৰ সূত্রপাত হয়, সি সঁচাকৈয়ে ভয়ংকৰ। গুৱাহাটীৰ অভিজাত অঞ্চল এবিচিত সংঘটিত এই জুই আজি নিশা এই বাতৰি […]
কঁকালৰ আকাৰ নিৰ্ধাৰিত জোখতকৈ বাঢ়িলেই বিপদ
নির্ধাৰিত জোখৰ অধিক হ’ব নোৱাৰিব ওজন, বাঢ়িব নোৱাৰিব কঁকালৰ আকাৰ। সামান্য বৃদ্ধি পালেই হস্তক্ষেপ কৰিব ৰাষ্ট্ৰই। আচৰিত যেন লাগিলেও এখন দেশত এই বিষয়টো বাস্তব। য’ত অধিকাংশ স্থানতে মেদ বৃদ্ধি হোৱা, দ্রুতগতিৰে ওজন বাঢ়ি যোৱাক লৈ সাধাৰণ মানুহে বিশেষ চিন্তা নকৰে, তাত সেইখন দেশৰ চৰকাৰে নিজৰ নাগৰিকসকলৰ স্বাস্থ্যক লৈ সদা সতর্ক হৈ থাকে। সেইখন হৈছে সূর্যোদয়ৰ […]
Brahmaputra :বর্তমানো সন্ধানহীন ব্রহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা পাঁচজন লোক
Brahmaputra : বুধবাৰে খাৰখুলিত ব্ৰহ্মপুত্ৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ইস্কনৰ পাঁচ ভক্তৰ সন্ধানত পুনৰ আজি পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে SRDF-NDRF -এ। খাৰঘুলিৰ ভক্তি কুটীৰ মন্দিৰলৈ গৈছিল লোককেইজন ৷ পূজা-অৰ্চনাৰ পূৰ্বে গা ধুবলৈ ব্রহ্মপুত্রত নামিছিল মুঠ নজন ভক্ত ৷ কিন্ত পাঁচজন ব্ৰহ্মপুত্ৰৰ বুকত নিখোজ হোৱাৰ বিপৰীতে চাৰিজনক স্থানীয় লোকে পানীত ককবকাই থকা অৱস্থাত […]
Katy Perry:✒️অৱশেষত কানাডাৰ প্ৰাক্তন প্রধানমন্ত্রী জাস্টিন ট্রুডো আৰু বিশ্ববিখ্যাত মার্কিন পপ গায়িকা কেটী পেৰীৰ প্ৰেমৰ ইতিবৃত্ত ৰাজহুৱা হ’ল। ইয়াৰ লগে লগে বিগত কিছু মাহ ধৰি ট্ৰট্রুডো-কেটীৰ প্ৰেমৰ সম্পৰ্কক লৈ চলি থকা বিভিন্ন চৰ্চাৰ অৱসান ঘটিছে। উল্লেখ্য যে দুয়োৰে প্ৰেমৰ কথা চলিত বৰ্ষৰ মাজভাগৰ পৰা চৰ্চা হয়। যোৱা অক্টোবৰত প্রেমিক যুটিক আমেৰিকাৰ কেলিফ’ৰ্ণিয়াৰ সাম্ভাবাৰবাৰাৰ এক বিলাস […]
APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আজিৰে পৰা ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু গ্ৰামাঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। প্ৰতিবাদৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুযায়ী শোণিতপুৰ আৰু নগাঁও জিলাৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচা এলেকাসমূহত স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। […]
তিনি কোটিৰে সৰ্বোচ্চ স্থানত বেংকক, ভাৰতৰ নাই এখনো মহানগৰ
Tourist:✒️চাওঁতে চাওঁতে ২০২৫ শেষ হ’বৰ হ’ল। ইতিমধ্যে বহুতে বছৰটোৰ অন্তিম ক্ষণত উপস্থিত হৈ এৰি অহা দিনবোৰৰ কথা জুকিয়াই চাইছে। এনে সময়তে প্রকাশ পাইছে চলিত বর্ষত সর্বাধিক বিদেশী পৰ্যটকে ভিৰ কৰা বিশ্বৰ শীৰ্ষৰ মহানগৰসমূহৰ তালিকা। আধ্যাত্মিক পৰ্যটনৰ পৰা অত্যাধুনিক সা-সুবিধাযুক্ত মহানগৰলৈ পৰ্যটনৰ নানা শাখাক সামৰি লোৱা হৈছে। এই তালিকাত ১০ খন মহানগৰে স্থান পাইছে। এই মহানগৰসমূহৰ […]
৮৮ মিনিট ধৰি মোদী-শ্বাহৰে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ আলোচনাক লৈ ব্যাপক চর্চা
স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সম্মুখতে কেন্দ্রীয় মুখ্য তথ্য আযুক্ত, আঠ কেন্দ্রীয় তথ্য আয়ুক্ত আৰু তদাৰকী আযুক্ত নিযুক্তিৰ তীব্ৰ বিৰোধিতা কৰিলে কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বুধবাৰে উক্ত দুই চৰকাৰী স্বচ্ছতা ৰক্ষক সংস্থাৰ শীর্ষ পদবীধাৰী বাছনিৰ বাবে প্রধানমন্ত্রীৰ আমন্ত্রণত প্রধানমন্ত্রী কার্যালয়ত এক কন্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত […]
Opium seized in Bokajan: অসম-নাগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানত আৰক্ষীৰ বৃহৎ সফলতা
Opium seized in Bokajan: অসম-নাগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানত আৰক্ষীৰ বৃহৎ সফলতা Iডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত নিশা ছয় মাইলত জব্দ বৃহৎ পৰিমাণৰ কানি I ইম্ফলৰ পৰা পঞ্জাৱৰ দিশে গৈ থকা PB 04 AE 7627 আৰু PB 03 BL 2975 নম্বৰৰ দুখন ছয় চকীয়া ট্ৰাকত জব্দ বৃহৎ পৰিমাণৰ কানি I ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে ৩১ টা পেকেটত […]
ইউনেস্ক’ৰ ঐতিহ্যৰ তালিকাত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী
UNESCO:✒️মানৱ জাতিৰ দুর্লভসাংস্কৃতিক ঐতিহ্য আখ্যাৰে অভিহিত কৰি ইউনেস্ক’ৰে পোহৰৰ উৎসৱ দীপাৱলীক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰিছে। বুধবাৰে লালকিল্লাত অনুষ্ঠিত আন্তর্জাতিক সংস্থাটোৰ এক গুৰুত্বপূর্ণ বৈঠকত দীপাৱলীক ইউনেস্ক’ৰ মানৱ জাতিৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ প্রতিনিধি তালিকাত অন্তর্ভুক্ত কৰা হয়। স্বাভাৱিকতে এই বিবল স্বীকৃতিক লৈ দেশে-বিদেশে থকা ভাৰতীয় লোকসকল উৎফুল্লিত হৈছে। দীপাৱলীলৈ আগবঢ়োৱা এই সম্মানৰ কথা ইউনেস্ক’ৰে ঘোষণা কৰাৰ লগে […]
অগ্নিকাণ্ডৰ এঘণ্টাৰ ভিতৰতে দেশত্যাগ!
Goa:✒️ভয়ংকৰ অগ্নিকাণ্ডৰ পাঁচ দিনৰ পাছত অৱশেষত চৰকাৰে বাতিল কৰিলে গোৱা নাইট ক্লাবৰ দুই মালিকৰ পাছপ’ৰ্ট। যোৱা শনিবাৰে গোৱাৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ক্লাবৰ দুই মালিক গৌৰৱ আৰু সৌৰভ লুথ্ৰাই থাইলেণ্ডলৈ পলায়ন কৰে। বৰ্তমান তেওঁলোকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে। কূটনৈতিক মাধ্যমেৰে তেওঁলোকক প্ৰত্যাৰ্পণৰ প্ৰচেষ্টা চলিছে। মঙলবাৰে ইণ্টাৰপলে দুয়ো […]
চাকৰি এৰিয়েই লগে লগে নুলিয়াব পি এফৰ টকা অতিৰিক্ত সুত লাভৰ বাবে কৰক এই কাম…
ব্যক্তিগত সংস্থাৰ কৰ্মচাৰীসকলৰ মাজত সদায় এটা চাকৰি এৰি আন এটা চাকৰিত যোগদান কৰাৰ প্ৰৱণতা থাকে। আৰু এনেদৰে চাকৰি এৰি নতুন এটাত যোগদান কৰাৰ সময়ত বহুতে পুৰণি চাকৰিৰ প্ৰতিষ্ঠানটোত থকা পিএফ একাউন্টৰ পৰা জমা টকা উলিয়াই লয়। কিন্তু পিএফ একাউণ্টৰ পৰা এনেদৰে ধন উলিওৱাটো বুদ্ধিমানৰ কাম নহয়। তৎক্ষণাত বেছি টকাৰ প্ৰয়োজন নহ’লে কেইবছৰমান জমা টকাখিনি একেটা […]
হঠাৎ ভাঙি পৰিল দুটা অট্টালিকা!
Morocco :✒️মৰক্কোত ভয়ংকৰ দুৰ্ঘটনা। ভাঙি পৰিল দুটা অট্টালিকা।ধ্বংসাৱশেষৰ তলত কমেও ১৯জন লোকৰ প্ৰাণ যোৱাৰ উপৰিও আহত হৈছে কেবাজনো লোক। যুদ্ধকালীন তৎপৰতাত চলিছে উদ্ধাৰ অভিযান। মঙলবাৰে মাজনিশা মৰক্কোৰ অন্যতম জনপ্ৰিয় আৰু জনবহুল চহৰ ফেজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।হঠাৎ ভাঙি পৰে চাৰি মহলীয়া দুটা অট্টালিকা । তথ্য অনুসৰি জৰাজীৰ্ণ বহুমহলীয়া ভৱনটোত আঠটা পৰিয়ালে বাস কৰিছিল।দীৰ্ঘদিন ধৰি […]
Veteran artist Samar Hazarika:গুৰুতৰভাৱে অসুস্থ ড:ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা
Veteran artist Samar Hazarika: ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা নিজৰাপাৰাস্থ বাসগৃহত হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে মহানগৰীৰ হায়াট হাস্পতালত ৷ বৰ্ষীয়ান সংগীত শিল্পী গৰাকীৰ দেহত হ্ৰাস পাইছিল অক্সিজেনৰ মাত্ৰা। যাৰবাবে সম্প্ৰতি ভৰ্তি হৈ আছে ICUত ৷ হায়াটৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাৰ তত্ত্বাৱধানত থকা প্ৰবীন শিল্পী গৰাকীৰ স্বাস্থ্য সামান্যভাবে […]
ফ্ল’ৰিডাৰ ব্যস্ত পথত জৰুৰীকালীন অৱতৰণ !
Plane crash:✒️আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। যান্ত্ৰিক সমস্যাৰ বাবে জৰুৰীকালীন অৱতৰণৰ সময়ত এখন গাড়ীৰ স’তে সংঘৰ্ষ হয় বিমানৰ। এই ঘটনাত বিমানখনৰ পাইলট আৰু যাত্ৰীসকল নিৰাপদ আছিল যদিও গাড়ীৰ চালকজন গুৰুতৰভাবে আহত হয়। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। সোমবাৰে এই ঘটনা সংঘটিত হোৱা […]
KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন
KHARGHULI: মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন ৷ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫ জন লোক I তিনিজনক উদ্ধাৰ কৰি সংকট অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ খাৰঘূলিৰ ভক্তি কুটীৰ মন্দিৰলৈ গৈছিল ৮ লোক ৷ ইয়াৰ পিছতে আটাইয়ে পূজা- অৰ্চনা কৰিবলৈ জয়পুৰ অঞ্চলৰ ব্ৰক্ষপুত্ৰত নামিছিল ৷ কিন্ত আঠজনৰ পাঁচজন নদীৰ বুকুত সন্ধানহীন হৈ পৰাৰ বিপৰীতে বাকী তিনিজনক নৈৰ বুকুত […]
Horrific murder in Patacharkusi:পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড
Horrific murder in Patacharkusi: বজালীৰ পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ বাসগৃহত এগৰাকী মহিলাক হত্যা দুৰ্বৃত্তৰ ৷ ঘৰত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি অকলশৰীয়া মহিলাক গৰাকীক হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তৰ ৷ হত্যাৰ বলী হোৱা মহিলা গৰাকীৰ নাম মনোমতী দত্ত কলিতা ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ আৰক্ষী […]
ইণ্ডিগ’ৰ সংকটৰ মাজতে বৃদ্ধি বিমান ভাড়া !
Delhi High Court:✒️বিগত এসপ্তাহ ধৰি বিমানত ব্যাঘাত জন্মিছে যাত্ৰীসকলৰ। ইয়াৰ আঁৰৰ কাৰণ হৈছে বিমান সংস্থা ইণ্ডিগ’ৰ অপব্যৱস্থাপনা। এইবাৰ এই ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ। ইণ্ডিগ’ দুৰ্যোগৰ মাজতে আন বিমান সংস্থাসমূহে ৪০ হেজাৰ টকা পৰ্যন্ত ভাড়া বৃদ্ধি কৰিছে ।কেন্দ্ৰৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাক লৈ আদালতে প্ৰশ্ন উত্থাপন কৰে। দিল্লী উচ্চ ন্যায়ালয়েও সামগ্ৰিক […]
বয়সস্থ আৰু শিশুক লৈ ভ্ৰমণৰ পৰিকল্পনা কৰে যদি মনত ৰাখিব এইকেইটা কথা
সন্তানক লৈ সপৰিয়ালে ক’ৰবালৈ দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি আপুনি? বয়সস্থ পিতৃ-মাতৃ আৰু বিদ্যালয়ত পঢ়ি থকা সন্তানক লৈ বছৰৰ এইখিনি সময়ত বহুতেই দূৰ ভ্ৰমণলৈ বুলি ওলায়। সদস্যৰ সংখ্যা বেছি থাকিলে বহুতেই বাছ বা বিমানৰে যাত্ৰা কৰাতকৈ ৰেলৰ জৰিয়তে যাত্ৰা কৰাটো বেছি আৰামদায়ক আৰু সুলভ বিকল্প বুলি গণ্য কৰে। ৰেলযোগে যাত্রা কৰিব খোজাসকলৰ বাবে বহু সময়ত […]
Morigaon Police:মৰিগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী
Morigaon Police: আদিত্য বিৰলা কোম্পানীত ভুৱা নথি দাখিল কৰি বৃহৎ ধনৰাশি সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল তিনি চাইবাৰ অপৰাধী ৷ বিশেষ সূত্ৰৰ পমখেদি মৰিগাঁৱৰ ভিন্নস্থানত নিশা মৰিগাঁও আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই তিনি চাইবাৰ অপৰাধী কমলউদ্দিন আহমেদ,আমিৰ হামজা আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত তিনিওৰে ঘৰ মৰিগাঁৱৰ লাহৰিঘাটত ৷
Resignation from BJP:বিজেপি ত্যাগ প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ গৌতম ধানোৱাৰ
Resignation from BJP: সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটামাহ থকা অৱস্থাত শাসকীয় বিজেপি দল ত্যাগ কৰিলে চাহ জনগোষ্ঠীৰ সক্রিয় নেতা গৌতম ধানোৱাৰ। উল্লেখ্য যে গৌতম ধানোৱাৰ প্রাক্তন মন্ত্রী প্রয়াত ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ ৷ গৌতম পূৰ্বতে কংগ্ৰেছ দলত আছিল যদিও পৰৱৰ্তী সময়ত যোগদান কৰে গেৰুৱা দলটিত ৷ কিন্ত গেৰুৱা দলত সাংগাঠনিক কামত নিয়োজিত হৈ থকাৰ সময়তে […]
Amazon:✒️ভাৰতত বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে আমাজন।মঙলবাৰে ই-কমাৰ্চৰ সংস্থাটোৱে ঘোষণা কৰে যে ২০৩০ চনৰ ভিতৰত ভাৰতত সংস্থাৰ সকলো ধৰণৰ ব্যৱসায়ত ৩৫ বিলিয়ন ডলাৰতকৈ অধিক (ভাৰতীয় মুদ্ৰাত ৩১ লাখ কোটি) বিনিয়োগ কৰিব। আমাজনে তৰফৰ পৰা এই ঘোষণাত জনোৱা হৈছে, কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰপ্তানি বৃদ্ধি আৰু কৰ্ম সংস্থাপনৰ ওপৰত গুৰুত্ব দিব।উল্লেখ্য যে,কোম্পানীটোৱে ইতিমধ্যে এই দেশত ৪০ বিলিয়ন ডলাৰতকৈ […]
Foreign cigarettes seized in Silchar:শিলচৰত জব্দ ৩,০৬০ পেকেট বিদেশী চিগাৰেট
Foreign cigarettes seized in Silchar: শিলচৰত জব্দ বিদেশী চিগাৰেট ৷ অসম ৰাইফলছ-কাছাৰ আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল এটাই তাৰাপুৰত অৰ্তকিতে অভিযান চলাই প্ৰায় ৩,০৬০ পেকেট বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুজনৰ নাম ইছলাম উদ্দিন লস্কৰ আৰু হানান হুছেইন বৰভূঞা। ধৃত লস্কৰৰ ঘৰ ভাগাত আৰু হানানৰ ঘৰ ধলাইত […]
Accident:নগাঁৱত ২নং মোল্লাপট্টিৰ ৰে’ল ক্ৰছিঙত দুৰ্ঘটনা
Accident: নগাঁও চহৰৰ হয়বৰগাঁও ২নং মোল্লাপট্টিৰ ৰে’ল ক্ৰছিঙত পুৱাতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ স্কুটীৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত মাতৃ-কন্যা ৷ থিতাতে মাতৃ নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় কন্যা ৷ স্কুটীৰে গৈ থকা সময়ত ৰে’লৱে ক্ৰছিঙত হঠাতে পিছলি পৰাৰ ফলত পিছফালৰ অহা মাটি কঢ়িওৱা ট্রাকে মহটিয়াই নিলে মাতৃ- কন্যাক ৷ নিহত […]
বয়স্ক নাগৰিকৰ সংখ্যা বৃদ্ধি,২০৩৬ বর্ষলৈকে প্ৰতি সাত ভাৰতীয়ৰ এজন হ’ব জ্যেষ্ঠ নাগৰিক
Indians will be elderly:✒️ভাৰতৰ জনসংখ্যা দ্রুতগতিত বয়স্ক হ’বলৈ ধৰিছে। ২০১১ বৰ্ষত দেশত ৬০ বছৰ উৰ্দ্ধৰ বয়সৰ জনসংখ্যা আছিল ১০.১৬ কোটি। ২০৩৬ বর্ষত দেশত এই বয়সৰ জনসংখ্যা ২২.৭৪ কোটিলৈ বৃদ্ধি পাব। অর্থাৎ বৃদ্ধৰ জনসংখ্যা মুঠ জনসংখ্যাত ৮.৪ শতাংশৰ পৰা ১৪.৯ শতাংশলৈ বৃদ্ধি পাব। ২০৩৬ বৰ্ষত ভাৰতত প্রতি সাতজন নাগৰিকৰ এজন হ’ব জ্যেষ্ঠ নাগৰিক অৰ্থাৎ ৬০ বছৰ […]
Guwahati Fire:মহানগৰীৰ এবিচিৰ ছয়মহলীয়া সুহম এম্প্ৰৰিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড
Guwahati Fire: মহানগৰীৰ এবিচিৰ ছয়মহলীয়া সুহম এম্প্ৰৰিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ নিশা ১২ বজাত সুত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই মুহূৰ্ততে ছানি ধৰে ছয়টাকৈ মহলাত ৷ উল্লেখ্য যে অট্টালিকাটোৰ দ্বিতীয় মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা ৷ সন্দেহ কৰা মতে এছবিআইৰ কোটি-কোটি টকা জ্বলি ছাই হোৱাৰ আশংকা কৰা হৈছে ৷ আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ […]
মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন
Mumbai :✒️মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত যোৱা ৩৬ দিনত ৮২ টা শিশু সন্ধানহীন হ’ল। সন্ধানহীন হোৱা শিশুৰ মাজত সর্বাধিক হৈছে কন্যা সন্তান। মুম্বাই আৰক্ষীয়ে এই তথ্য সদৰী কৰিলে। আনহাতে, দেশৰ বাণিজ্যিক ৰাজধানীত পহিলা জুনৰ পৰা ছয় ডিচেম্বৰলৈকে ১৩৪ নাবালক সন্ধানহীন হৈছিল আৰু ইয়াৰে সৰ্বাধিক কন্যা সন্তান। ৩৬ দিনত মুম্বাইত ৬০ গৰাকী কন্যা সন্তান সন্ধানহীন হ’ল। আনহাতে, ১৩৪ […]
Jatiya Swahid Smarak khetra Opening: অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুদি দিয়া বীৰ ছহিদ সকলৰ স্মৃতিত প্ৰতিবৰ্ষত ৰাজ্যজুৰি উদযাপন কৰি অহা হয় ছহিদ দিৱস ৷ আজিও ৰাজ্য জুৰি উদযাপন কৰা হৈছে ছহিদ দিৱস ৷ আজি এই ঐতিহাসিক দিনটোতে গুৱাহাটীৰ বৰাগাঁৱত ৰাজ্য চৰকাৰৰ উদ্যোগত ১০০ কোটি টকা ব্যয়েৰে ১১৬ বিঘা ভূমিত নির্মাণ কৰি উলিওৱা জাতীয় ছহিদ […]
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত মুকলি হ’ব ৩৫ টাকৈ পাতি, লাহিঠোঁটীয়া শগুন
Kaziranga:✒️শগুন প্রকৃতিৰ জামাদাৰ। লাহে লাহে কাজিৰঙাত শগুনৰ সংখ্যা কমি অহাটো উদ্বেগৰ বিষয়। এতিয়া কাজিৰঙাত লাহিঠোঁটিয়া আৰু পাতি শগুন মুকলি কৰাৰ বাতৰিটো সঁচাকৈয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে এক ইতিবাচক খবৰ।’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অঞ্চলত ৩৫কৈ শগুন মুকলি কৰাৰ খবৰৰ পাছতে আজি এই প্রসংগত এনেদৰে মন্তব্য কৰে প্ৰকৃতিপ্রেমী মুৰুলী বৰাই। উল্লেখ্য যে প্রকৃতি আৰু জীৱকুলৰ সংৰক্ষণৰ […]
Arunachal Pradesh :সৌন্দৰ্য্যৰাণী চিজুচাই হাতবাউলি মাতিছে বনভোজ প্ৰেমীক
Arunachal Pradesh : সৌন্দৰ্য্যৰাণী চিজুচাৰ মনোমোহা দৃশ্য উপভোগৰ বাবে আগমন ঘটিছে দুৰ দুৰনীৰ বনভোজ প্ৰেমী ৰাইজৰ৷ জামুগুৰিহাটৰ সমীপৰ অৰুনাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই নদীৰ ওপৰত স্হাপন কৰা বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাষৰ এই বনভোজ স্হলীত প্ৰতি বছৰেই ভিৰ কৰে শ, শ বনভোজ দলে ৷ নৱবৰ্ষ সমাগত বাবেই বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা বনভোজ প্ৰেমী ৰাইজ বৰদিকৰাই নদীখনৰ […]

14 C