SENSEX
NIFTY
GOLD
USD/INR

Weather

16    C
... ...View News by News Source

হিন্দুৰ পৰিচয় দি প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ! ‘লাভ জেহাদ’ৰ ঘটনাই কঁপাইছে ইন্দোৰ

হিন্দু পৰিচয় দি প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ আৰু ধৰ্ম সলনি কৰাৰ চেষ্টা! মধ্যপ্ৰদেশৰ ইন্দোৰত লাভ জেহাদৰ এনে এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। অভিযুক্ত মুছলমান যুৱকজনৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কোনোমতে সেই স্থানৰ পৰা ঘৰলৈ উভতি আহি যুৱতীগৰাকীয়ে নিজৰ মাতৃক […] The post হিন্দুৰ পৰিচয় দি প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ! ‘লাভ জেহাদ’ৰ ঘটনাই কঁপাইছে ইন্দোৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 9:40 pm

সোণম ৱাংচুকৰ ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ক শীঘ্ৰেই ইউজিচিৰ স্বীকৃতি প্ৰদানৰ আহ্বান: সংসদীয় গোটৰ প্ৰতিবেদনত

লাডাখৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে প্ৰতিষ্ঠা কৰা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ (HIAL) ক এক সংসদীয় গোটে ভূয়সী প্ৰশংসা কৰিছে। শিক্ষানুষ্ঠানখনৰ অসাধাৰণ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি পেনেলে ইয়াক তৎকালীনভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ সাংসদ দিগ্বিজয়া সিঙৰ নেতৃত্বত গঠিত এই সংসদীয় গোটে আজি সংসদত এক প্ৰতিবেদন দাখিল কৰে। […] The post সোণম ৱাংচুকৰ ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ক শীঘ্ৰেই ইউজিচিৰ স্বীকৃতি প্ৰদানৰ আহ্বান: সংসদীয় গোটৰ প্ৰতিবেদনত appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 9:10 pm

শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰ; অভাৱনীয়ভাৱে বৃদ্ধি পাব বিদ্যুৎ মাচুল

দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিবলৈ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। সন্থাৰ মতে, বিদ্যুৎ আইন ২০০৩-ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হ’লে শক্তিখণ্ড সম্পূৰ্ণৰূপে পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব আৰু বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি পাব। এই সন্দৰ্ভত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই কয় যে, বিদ্যুৎ এতিয়া এটা জনসেৱাৰ ক্ষেত্ৰ নহৈ […] The post শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰ; অভাৱনীয়ভাৱে বৃদ্ধি পাব বিদ্যুৎ মাচুল appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 8:30 pm

ছিডনীত ভয়ংকৰ গণ গুলীচালনা: ১০ জনৰ মৃত্যু

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে। প্ৰাথমিক তথ্য অনুসৰি, এই আক্ৰমণত অন্তত ১০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬০ জন লোক আহত হৈছে। ঘটনাৰ পিছতে দুজন লোকক আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে সদৰী […] The post ছিডনীত ভয়ংকৰ গণ গুলীচালনা: ১০ জনৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 7:54 pm

বন্যহস্তীৰ আক্ৰমণ: চন্দ্ৰপুৰৰ পানবাৰীত দুখন বাহনৰ বিস্তৰ ক্ষতি

গুৱাহাটীৰ চন্দ্ৰপুৰৰ পানবাৰী এলেকাত দেওবাৰে বনৰীয়া হাতীৰ আক্ৰমণত দুখনকৈ বাহনৰ বিস্তৰ ক্ষতি হয়। চন্দ্ৰপুৰ–ডিগাৰু পথৰে গৈ থকা এখন ইটা কঢ়িওৱা ট্ৰাক আৰু এখন চাৰিচকীয়া বাহন বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে সৌভাগ্যক্ৰমে দুয়োখন বাহনৰ চালক আৰু কৰ্মচাৰীসকল কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, যোৱা কিছুদিন ধৰি পানবাৰীৰ মিছামাৰী অঞ্চলত বন্যহস্তীৰ এটা জাকে […] The post বন্যহস্তীৰ আক্ৰমণ: চন্দ্ৰপুৰৰ পানবাৰীত দুখন বাহনৰ বিস্তৰ ক্ষতি appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 7:30 pm

ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫: দেশৰ ভিতৰতে পঞ্চম স্থানত এনআইটি শিলচৰ

বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী শিলচৰে পুনৰবাৰ নিজৰ অগ্ৰণী ভূমিকা প্ৰমাণ কৰিলে। সেউজ আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰকাশ পোৱা ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫ত বিশ্ব ৰেংকিঙত ১৯১ নম্বৰ আৰু ভাৰতৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এনআইটি শিলচৰে অতি গুৰুত্বপূৰ্ণ শক্তি আৰু জলবায়ু পৰিৱৰ্তন শাখাত দেশৰ […] The post ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫: দেশৰ ভিতৰতে পঞ্চম স্থানত এনআইটি শিলচৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 6:30 pm

‘উন্নয়নে ধুলি উৰুৱাই নিব’, দিল্লীৰ প্ৰদূষণৰ বাবে ঘৰত পৰ্দা লগোৱাৰ পৰামৰ্শ বাবা ৰামদেৱৰ

কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ ‘কঠিন সমাধান‘ হিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ এক আচৰিত উপায় দি। তেওঁৰ মতে, দেশত ‘উন্নয়ন হৈ আছে, ধূলি উৰি যাবই‘, সেয়ে ‘এয়াৰ পিউৰিফায়াৰ‘ৰ দৰে বিলাসীতা এৰি মানুহে নিজৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে। শেহতীয়াকৈ এটা টিভি […] The post ‘উন্নয়নে ধুলি উৰুৱাই নিব’, দিল্লীৰ প্ৰদূষণৰ বাবে ঘৰত পৰ্দা লগোৱাৰ পৰামৰ্শ বাবা ৰামদেৱৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 5:02 pm

মুছলমান হোৱাই কাল হ’ল: গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন ব্যৱসায়ীয়ে

বিহাৰত পুনৰ পোহৰলৈ আহিছে মব্ লিঞ্চিংৰ ঘটনা। নৱাদা জিলাত এজন বস্ত্ৰ ব্যৱসায়ীক ধৰ্মীয় পৰিচয় নিশ্চিত কৰাৰ পিছত জনতাই নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা মব্ লিঞ্চিংৰ দৰে হিংসাত্মক ঘটনাই আইন-শৃংখলাৰ পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। নৱাদা জিলাত এই ৪০ বছৰীয়া এজন […] The post মুছলমান হোৱাই কাল হ’ল: গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন ব্যৱসায়ীয়ে appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 4:36 pm

জুবিন গাৰ্গৰ সৈতে কৰা পডকাষ্টৰ পৰা উপাৰ্জিত ধন সাংস্কৃতিক জগতত খৰচ কৰা হ’ব : ঘোষণা ৰীতা চৌধুৰীৰ

প্ৰসিদ্ধ লেখিকা আৰু ঔপন্যাসিক ড ৰীতা চৌধুৰীয়ে আগন্তুক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০২৬ সন্দৰ্ভত পানবজাৰত এখন সংবাদমেল সম্বোধন কৰে। এই উৎসৱ অহা ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে শিৱসাগৰত অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠান সাহিত্য, সংগীত, আৰু শিল্পৰ মাধ্যমেৰে উদযাপন কৰা হ’ব। সংবাদমেলত ডচৌধুৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে আৰু জুবিন গাৰ্গৰ লগত কৰা পডকাষ্টৰ […] The post জুবিন গাৰ্গৰ সৈতে কৰা পডকাষ্টৰ পৰা উপাৰ্জিত ধন সাংস্কৃতিক জগতত খৰচ কৰা হ’ব : ঘোষণা ৰীতা চৌধুৰীৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 4:03 pm

আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা বিজেপি নেত্ৰীলৈকে! বাওঁ দুৰ্গ ধ্বংস কৰি তিৰুৱনন্তপুৰমৰ মেয়ৰ হ’ল শ্ৰীলেখা

চাৰি দশক ধৰি বাওঁপন্থীৰ দুৰ্গ হিচাপে থকা তিৰুৱনন্তপুৰম পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে এই ঘটনাক কেৰালাৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ ইংগিত হিচাপে গণ্য কৰিছে। এই দুৰ্গ দখলৰ পিছতেই তিৰুৱনন্তপুৰম বিধানসভাত কোনে বহিব, সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। এই তালিকাত প্ৰথম স্থানত আছে কেৰালাৰ প্ৰথমগৰাকী মহিলা আই পি […] The post আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা বিজেপি নেত্ৰীলৈকে! বাওঁ দুৰ্গ ধ্বংস কৰি তিৰুৱনন্তপুৰমৰ মেয়ৰ হ’ল শ্ৰীলেখা appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 3:46 pm

ঘটনাৰ ৭৫ মিনিটলৈকে জুবিন গাৰ্গক প্ৰদান কৰা হোৱা নাছিল চিকিৎসা সেৱা : SIT ৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য

জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত SIT-ৰ চাৰ্জশ্বীটত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। চাৰ্জশ্বীট অনুসৰি, জুবিন গাৰ্গক সাগৰৰ পাৰত প্ৰায় ৭৫ মিনিট ধৰি কোনো চিকিৎসা সেৱা নোহোৱাকৈ ৰখা হৈছিল। তেওঁ সাগৰত ডুব যোৱাৰ পিছতো ডেৰ ঘণ্টাৰ পিছতহে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ঘটনাৰ বিষয়ে কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো চিকিৎসা সাহায্য আগবঢ়োৱা হোৱা […] The post ঘটনাৰ ৭৫ মিনিটলৈকে জুবিন গাৰ্গক প্ৰদান কৰা হোৱা নাছিল চিকিৎসা সেৱা : SIT ৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 3:05 pm

আতঙ্কৰে ভৰা বিহাৰৰ ৰেলৰ ডবা! ভয়তে শৌচাগাৰত আশ্ৰয় যুৱতীৰ, উদ্ধাৰ ৰেলৱে আৰক্ষীৰ

আজিও এই দেশৰ ৰাজহুৱা পৰিবহণত অকলে যাত্ৰা কৰাটো এগৰাকী যুৱতীৰ বাবে পুনৰ চিন্তনীয় বিষয় হৈ পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত এক ঘটনাই মহিলাৰ নিৰাপত্তা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বিহাৰৰ এগৰাকী যুৱতীয়ে জনোৱা মতে, কেনেকৈ একেলগে ৰে’লত উঠা বহু সংখ্যক পুৰুষৰ ভিৰৰ মাজত তেওঁ ভয় খাই শৌচাগাৰত লুকাই থাকিবলগীয়া হৈছিল। পিছত আৰ পি এফৰ সহায়ত তেওঁ […] The post আতঙ্কৰে ভৰা বিহাৰৰ ৰেলৰ ডবা! ভয়তে শৌচাগাৰত আশ্ৰয় যুৱতীৰ, উদ্ধাৰ ৰেলৱে আৰক্ষীৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 2:18 pm

গুৰুত্বই দিয়া নাই ড’নাল্ড ট্ৰাম্পক! কম্বোডিয়াত নতুকৈ আক্ৰমণ আৰম্ভ কৰিছে থাইলেণ্ডে

প্ৰতিৱেশী কম্বোডিয়াৰ ওপৰত থাইলেণ্ডে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে। দেশখনে জনাইছে যে তেওঁলোকে ‘নিজৰ ভূখণ্ড পুনৰুদ্ধাৰৰ বাবে’ এই আক্ৰমণ চলাইছে। দুয়োখন প্ৰতিৱেশী দেশৰ মাজত চলি থকা এই ৰক্তক্ষয়ী সংঘাত বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি অন্যান্য মধ্যস্থতাকাৰীসকলে চেষ্টা চলাইছে। কিন্তু সেইসমূহক গুৰুত্ব নিদি তেওঁলোকে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। দেওবাৰ পৰ্যন্ত দুয়োখন দেশৰ সেনাৰ মাজত সীমাত সংঘৰ্ষ […] The post গুৰুত্বই দিয়া নাই ড’নাল্ড ট্ৰাম্পক! কম্বোডিয়াত নতুকৈ আক্ৰমণ আৰম্ভ কৰিছে থাইলেণ্ডে appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 12:48 pm

আৰক্ষীৰ চকুত ধূলি দি সাধুৰ সাজত ৩৭ বছৰ; অৱশেষত জালত পৰিল যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত অপৰাধী

যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা অভিযুক্তগৰাকীয়ে জামিন লাভ কৰি পলায়ন কৰাই নহয়, সাধুৰ বেশত এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ ঘূৰি ফুৰি আৰক্ষীৰ চকুত ধূলি দি ৩৭ বছৰ কটালে। অৱশেষত উত্তৰ প্ৰদেশৰ এচিড আক্ৰমণৰ গোচৰৰ অভিযুক্ত ৰাজেশ ওৰফে ৰাজু মধ্যপ্ৰদেশৰ এক ধৰ্মীয় স্থানৰ পৰা আৰক্ষীৰ জালত ধৰা পৰিল। ১৯৮৬ চনৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ […] The post আৰক্ষীৰ চকুত ধূলি দি সাধুৰ সাজত ৩৭ বছৰ; অৱশেষত জালত পৰিল যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত অপৰাধী appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 11:49 am

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন The post অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 11:24 am

মডেল গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে বাগদান সম্পন্ন সুদৰ্শন অভিনেতা অৰ্জুন ৰামপালৰ

অভিনেতা অৰ্জুন ৰামপালে ৰিয়া চক্ৰৱৰ্তীৰ প’ডকাষ্টত নিজৰ দীৰ্ঘদিনীয়া সংগী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে তেওঁৰ বাগদান নিশ্চিত কৰিছে। এই ডাঙৰ ঘোষণাটো প’ডকাষ্টত তেওঁলোকৰ বিবাহৰ বিষয়ে আলোচনা কৰাৰ সময়ত কৰা হয়। কোনো ডাঙৰ অনুষ্ঠান বা জকজমকতা অবিহনে কৰা বাগদানৰ খবৰে তৎক্ষণাত ইণ্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। ২০১৮ চনৰ পৰা একেলগে থকা ৰামপাল আৰু ডেমেট্ৰিয়াডেছে দুটা সন্তানৰ সৈতে এক […] The post মডেল গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে বাগদান সম্পন্ন সুদৰ্শন অভিনেতা অৰ্জুন ৰামপালৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 10:10 am

পৰীক্ষা চলি থকাৰ মাজতে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; কমেও ২ জনৰ মৃত্যু

আমেৰিকাৰ শিক্ষানুষ্ঠানত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। ব্ৰাউন বিশ্ববিদ্যালয়ত পৰীক্ষাৰ সময়ত নিৰ্বিচাৰ গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। ক’লা পোছাক পৰিহিত বন্দুকধাৰীৰ গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে ৮জন গুৰুতৰভাৱে আহত হয়। বৰ্তমান বন্দুকধাৰীজন পলাতক। তেওঁৰ সন্ধানত অভিযান চলি আছে। জানিব পৰা মতে, স্থানীয় সময় অনুসৰি শনিবাৰে বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক আৰু পদাৰ্থ বিজ্ঞানৰ ভৱনত এজন বন্দুকধাৰীয়ে প্ৰৱেশ কৰি গুলীচালনা […] The post পৰীক্ষা চলি থকাৰ মাজতে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; কমেও ২ জনৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 10:10 am

ছিৰিয়াত পুনৰ ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আক্ৰমণ: কেইবাজনো আমেৰিকান জোৱান নিহত

বাছাৰ আল আছাদ চৰকাৰৰ পতনৰ পিছত ছিৰিয়াত ইছলামিক ষ্টেটে (Islamic State, IS) পুনৰ মূৰ দাঙিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে মধ্য ছিৰিয়াত আমেৰিকাৰ সৈন্যৰ ওপৰত এক তীব্ৰ আক্ৰমণ চলাইছিল। এই গুলীচালনাত দুজন আমেৰিকান সৈনিক আৰু এজন আমেৰিকান নাগৰিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। শনিবাৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এই আক্ৰমণৰ কথা ৰাজহুৱা কৰে। পেন্টাগনৰ মুখপাত্ৰ শ্বেন পাৰ্নেলে জনোৱা অনুসৰি, […] The post ছিৰিয়াত পুনৰ ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আক্ৰমণ: কেইবাজনো আমেৰিকান জোৱান নিহত appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 9:31 am

CAA-ৰ অধীনত প্ৰথম! ২০০৭ চনত বাংলাদেশৰ পৰা অহা অসমৰ মহিলাই লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত অসমৰ এগৰাকী বাংলাদেশী মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীভূমি জিলাৰ বাসিন্দা ৪০ বছৰীয়া মহিলাগৰাকীয়ে ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল। শেহতীয়াকৈ তেওঁক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বিদেশী ন্যায়াধিকৰণ (এফ টি)ৰ প্ৰাক্তন সদস্য তথা শিলচৰৰ জ্যেষ্ঠ অধিবক্তা ধৰ্মানন্দ দেৱে কয় যে […] The post CAA-ৰ অধীনত প্ৰথম! ২০০৭ চনত বাংলাদেশৰ পৰা অহা অসমৰ মহিলাই লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 9:03 am

কোৰ্ট মাৰ্শ্বেলত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ আই এছ আইৰ প্ৰাক্তন মুৰব্বীক! তেওঁৰ বিৰুদ্ধে কি অভিযোগ?

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ প্ৰাক্তন মুৰব্বী ফইজ হামিদক দোষী সাব্যস্ত কৰা হৈছে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীক সামৰিক আদালতত ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। যোৱা বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে পাকিস্তান সেনাই। এসময়ত হামিদ আছিল অন্যতম ক্ষমতাশালী ব্যক্তি। বিভিন্ন মহলে তেওঁৰ এই পৰিণতিক অভূতপূৰ্ব বুলি গণ্য কৰে। ফাইজ হামিদে ২০১৯ চনৰ পৰা ২০২১ […] The post কোৰ্ট মাৰ্শ্বেলত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ আই এছ আইৰ প্ৰাক্তন মুৰব্বীক! তেওঁৰ বিৰুদ্ধে কি অভিযোগ? appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 7:45 am

নিয়মিত চাইকেল চলোৱাৰ অভ্যাসে দূৰ কৰিব বহু শাৰীৰিক সমস্যা

আজিৰ ব্যস্ত জীৱনত স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূর্ণ। চাইক্লিং হৈছে তাৰে অন্যতম, যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বহু উপকাৰী। চাইক্লিঙে হৃদযন্ত্রৰ স্বাস্থ্য উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু পেশী আৰু হাড় শক্তিশালী কৰে। ইয়াৰ লগতে মানসিক চাপ কমাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিয়মিত চাইক্লিঙে ইমিউনিটি বৃদ্ধি কৰে আৰু আয়ুস বৃদ্ধি কৰাতো সহায় কৰে। ইয়াৰ […] The post নিয়মিত চাইকেল চলোৱাৰ অভ্যাসে দূৰ কৰিব বহু শাৰীৰিক সমস্যা appeared first on NORTHEAST NOW (Assamese) .

নেনো 14 Dec 2025 6:45 am

২০২৭ৰ জনগণনা: ডিজিটেল পদ্ধতিৰে হ’ব এইবাৰৰ গণনা, অন্তৰ্ভুক্ত হ’ব জাতিগত তথ্য

কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৭ চনত ভাৰতত জনগণনা অনুষ্ঠিত হ’ব। এই গণনা প্ৰকৃততে ২০২১ চনত হ’বলগীয়া আছিল, কিন্তু কোভিড মহামাৰীৰ বাবে ই স্থগিত হৈছিল আৰু এতিয়া প্ৰায় ৬ বছৰ পলমকৈ হ’বলৈ গৈ আছে। এইবাৰৰ জনগণনা পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সম্পন্ন হ’ব, য’ত দীৰ্ঘদিনৰ বিৰতিৰ পিছত জাতিগত গণনাও অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰতত […] The post ২০২৭ৰ জনগণনা: ডিজিটেল পদ্ধতিৰে হ’ব এইবাৰৰ গণনা, অন্তৰ্ভুক্ত হ’ব জাতিগত তথ্য appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 9:30 pm

“সাপো মৰক, লাঠিও নাভাঙক”: জুবিন গাৰ্গৰ গোচৰত চৰকাৰৰ ভূমিকাক লৈ ৰিপুণ বৰাৰ তীব্ৰ সমালোচনা

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে, সেই সন্দৰ্ভত আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত বৰাই কয় যে অসম চৰকাৰে কেৱল চাৰ্জশ্বিটখন দিব লাগে কাৰণেই দিয়াৰ ব্যৱস্থা […] The post “সাপো মৰক, লাঠিও নাভাঙক”: জুবিন গাৰ্গৰ গোচৰত চৰকাৰৰ ভূমিকাক লৈ ৰিপুণ বৰাৰ তীব্ৰ সমালোচনা appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 8:38 pm

ৰাজস্থানত ইথানল কাৰখানাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ: ১৬ জন আহত, ৪০জনক গ্ৰেপ্তাৰ

ৰাজস্থানৰ হনুমানগড় জিলাত নিৰ্মাণৰত ইথানল প্লাণ্টৰ বিৰুদ্ধে শনিবাৰে (১০ ডিচেম্বৰ) কৃষক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই সংঘৰ্ষত কমেও ১৬ জন কৃষক আহত হয় আৰু ৪০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। টিব্বি তহচিলৰ ৰথিখেদা আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত এই ঘটনা সংঘটিত হয়। উৰ্বৰ কৃষিভূমিত ইথানল উদ্যোগ স্থাপনৰ বিৰুদ্ধে কৃষকসকলে […] The post ৰাজস্থানত ইথানল কাৰখানাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ: ১৬ জন আহত, ৪০জনক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 8:23 pm

মেছিৰ অনুষ্ঠানত চূড়ান্ত বিশৃংখলতা, আয়োজক শতদ্ৰু দত্তক গ্ৰেপ্তাৰ

ছল্ট লেকস্থিত যুৱ ভাৰতী ক্ৰীড়াংগণত লিয়নেল মেছিৰ ‘GOAT ভ্ৰমণ’ কাৰ্যসূচীত হোৱা তীব্ৰ বিশৃংখলতাৰ পিছতে পশ্চিমবংগ আৰক্ষীয়ে অনুষ্ঠান ব্যৱস্থাপক (Event Manager) শতদ্ৰু দত্তক গ্ৰেপ্তাৰ কৰিছে। “প্ৰিন্স অৱ ফুটবল” হিচাপে খ্যাত মেছিক ভালদৰে দেখা নাপাই অনুৰাগীসকল ক্ষোভিত হৈ পৰে, যাৰ ফলত খেলপথাৰত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে অনুৰাগীসকলে ৪৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে […] The post মেছিৰ অনুষ্ঠানত চূড়ান্ত বিশৃংখলতা, আয়োজক শতদ্ৰু দত্তক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 6:54 pm

ঋণ লৈ ইতিহাস ৰচিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই! বণ্ড বন্ধকত থৈ ১৬ ডিচেম্বৰত পুনৰ ৯০০ কোটিৰ ঋণ

কেগৰ ভয়াৱহ বিত্তীয় সতৰ্কবাণীৰ পাছতো অসম চৰকাৰে পুনৰ বৃহৎ পৰিমাণৰ ঋণ ল‘বলৈ তৎপৰ হৈ উঠিছে। ৰাজ্যৰ বিত্তীয় ভৱিষ্যত বিপদাপন্ন কৰি চৰকাৰে অহা ১৬ ডিচেম্বৰত চৰকাৰী বণ্ড বন্ধকত দি পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব। ইতিমধ্যে বিত্ত বিভাগে ইয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। কেগৰ শেহতীয়া প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত […] The post ঋণ লৈ ইতিহাস ৰচিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই! বণ্ড বন্ধকত থৈ ১৬ ডিচেম্বৰত পুনৰ ৯০০ কোটিৰ ঋণ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 6:39 pm

ইউৰোপীয় সংঘৰ বৃহৎ পদক্ষেপ: ৰাছিয়াৰ ২২ লাখ কোটি টকাৰ সম্পত্তি অনিৰ্দিষ্টকাললৈ জব্দ!

ইউৰোপীয় সংঘই ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ ২৪৬ বিলিয়ন ডলাৰ (প্ৰায় ২২ লাখ কোটি টকাৰো অধিক) মূল্যৰ সম্পত্তি অনিৰ্দিষ্টকালৰ বাবে জব্দ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২২ চনত ইউক্ৰেইন আক্ৰমণৰ পিছতে এই সম্পত্তি জব্দ কৰা হৈছিল। পূৰ্বে, এই সম্পত্তিসমূহ ভোটদানৰ জৰিয়তে ছমাহৰ বাবে ফ্ৰীজ কৰাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল, কিন্তু এইবাৰ ইউৰোপে স্থায়ীভাৱে এই সম্পত্তি জব্দ কৰি […] The post ইউৰোপীয় সংঘৰ বৃহৎ পদক্ষেপ: ৰাছিয়াৰ ২২ লাখ কোটি টকাৰ সম্পত্তি অনিৰ্দিষ্টকাললৈ জব্দ! appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 6:21 pm

কমিউনিষ্ট শাসিত ৰাজ্য কেৰেলাত বিজেপিৰ উত্থান! পৌৰ নিৰ্বাচনত থিৰুৱনন্তপুৰমত বিজেপিৰ ঐতিহাসিক জয়

কেৰেলাৰ স্থানীয় সংস্থাসমূহৰ ২০২৫ চনৰ নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাই সামগ্ৰিকভাৱে সফলতা অৰ্জন কৰিলেও, ৰাজধানী থিৰুৱনন্তপুৰমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDAৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। ৰাজধানী চহৰখনত বিজেপি নেতৃত্বাধীন NDAৰ এই জয়ে কেৰেলাৰ ৰাজনীতিত এক নতুন ধাৰা সূচনা কৰিছে বুলিও চৰ্চা চলিছে। এই ফলাফলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক শক্তিশালী ৰাজনৈতিক […] The post কমিউনিষ্ট শাসিত ৰাজ্য কেৰেলাত বিজেপিৰ উত্থান! পৌৰ নিৰ্বাচনত থিৰুৱনন্তপুৰমত বিজেপিৰ ঐতিহাসিক জয় appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 5:54 pm

পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনাৰ জোৱান

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত অসমৰ শোণিতপুৰ জিলাত ভাৰতীয় বায়ুসেনাৰ (IAF) এজন অৱসৰপ্ৰাপ্ত জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে সদৰী কৰা মতে, প্ৰাথমিক তদন্তত এই কথা পোহৰলৈ আহিছে যে অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী এজেণ্টৰ সৈতে স্পৰ্শকাতৰ নথি-পত্ৰ তথা গোপনীয় তথ্য আদান-প্ৰদান কৰিছিল। আৰক্ষীয়ে জোৱানজনৰ লেপটপ আৰু মোবাইল ফোন […] The post পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনাৰ জোৱান appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 5:27 pm

মহাৰাষ্ট্ৰৰ কৃষকৰ মাজত বাঢ়িছে চৰম পন্থা: ৯ মাহত ৭৮১ জনে ত্যাগ কৰিলে নিজৰ জীৱন

মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। চলিত বৰ্ষৰ প্ৰথম ন মাহত মুঠ ৭৮১ জন কৃষকে আত্মহত্যা কৰিছে। ঋণৰ বোজা, শস্যৰ বিকলতা আৰু অত্যধিক বৰষুণকে ধৰি বিভিন্ন কাৰণত ৰাজ্যৰ কৃষকসকলে নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছে। এই তথ্য বৃহস্পতিবাৰে বিধান পৰিষদত ৰাজ্যৰ সাহায্য আৰু পুনৰ্বাসন মন্ত্ৰী মকাৰন্দ যাদৱ (পাটিল)য়ে এক লিখিত উত্তৰত সদৰি কৰে। চৰকাৰী […] The post মহাৰাষ্ট্ৰৰ কৃষকৰ মাজত বাঢ়িছে চৰম পন্থা: ৯ মাহত ৭৮১ জনে ত্যাগ কৰিলে নিজৰ জীৱন appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 5:07 pm

পচন্দৰ দৰা বিচাৰি দিলেই লাভ কৰিব ৮৯ লাখ টকাৰ পুৰস্কাৰ : কিন্তু দৰা হ’ব লাগিব বহুগামী আৰু ধনকুবেৰ

অনলি ফেনছৰ মোহময়ী চেলিব্ৰেটি আয়েলাই বিচাৰিছে দৰা। শেহতীয়াকৈ তেওঁ ছাবষ্টেকত ঘোষণা কৰিছে যে যদি কোনোবাই তেওঁৰ বাবে এজন উপযুক্ত দৰা বাচনি কৰি দিব পাৰে তেন্তে দৰা বাচনি কৰি দিয়াজনক আয়েলাই ৮৯ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব। এই ঘোষণাই সমগ্ৰ ইণ্টাৰনেটৰ দুনীয়াত এতিয়া তোলপাৰ লগাইছে। ৩৩ বছৰীয়া আয়েলা ছান ফ্ৰান্সিস্ক’ৰ বে এৰিয়াত থাকে। তেওঁ স্বীকাৰ […] The post পচন্দৰ দৰা বিচাৰি দিলেই লাভ কৰিব ৮৯ লাখ টকাৰ পুৰস্কাৰ : কিন্তু দৰা হ’ব লাগিব বহুগামী আৰু ধনকুবেৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 3:55 pm

এমজিএনৰেগাৰ নাম সলনি কৰাৰ সিদ্ধান্ত; নিশ্চিত কৰ্মদিন ১২৫ দিনলৈ বৃদ্ধিৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MGNREGA)-ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। এই আঁচনিখনৰ নাম সলনি কৰি “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা” কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সংস্কাৰৰ অংশ হিচাপে গ্ৰাম্য পৰিয়ালৰ বাবে নিশ্চিত কৰ্মদিনৰ সংখ্যা বছৰি ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হ’ব পাৰে। প্ৰকাশিত তথ্য অনুসৰি, কেন্দ্ৰীয় কেবিনেটে “পূজ্য […] The post এমজিএনৰেগাৰ নাম সলনি কৰাৰ সিদ্ধান্ত; নিশ্চিত কৰ্মদিন ১২৫ দিনলৈ বৃদ্ধিৰ প্ৰস্তাৱ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 3:52 pm

শান্তিৰ নোবেল বিজয়ী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ ইৰাণ চৰকাৰৰ

ইৰাণৰ নিৰাপত্তা বাহিনীয়ে নোবেল বঁটা বিজয়ী আৰু মহিলা অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ কৰাৰ কথা তেওঁৰ ফাউণ্ডেচনে প্ৰকাশ কৰিছে। নাৰ্গেছ ফাউণ্ডেচনে জনোৱা অনুসৰি, ৫৩ বছৰীয়া মহম্মদীক অন্যান্য কৰ্মীসকলৰ সৈতে পূবৰ মাছহাদ চহৰত আটক কৰি ৰখা হৈছে। নোবেল কমিটীয়ে এই ঘটনাই তেওঁলোকক গভীৰভাৱে উদ্বিগ্ন কৰি তুলিছে বুলি মন্তব্য কৰিছে আৰু কৰ্তৃপক্ষক “মহম্মদীৰ অৱস্থান তৎক্ষণাত স্পষ্ট কৰিবলৈ, […] The post শান্তিৰ নোবেল বিজয়ী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ ইৰাণ চৰকাৰৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 3:03 pm

এইবাৰ দীপৰ বিলৰ শতিকা পুৰণি গছৰ ওপৰত চৰকাৰৰ শেন চকু : ৰে’লৱে দলং নিৰ্মাণৰ বাবে কটা হ’ব এশৰো অধিক গছ

গুৱাহাটীৰ দাঁতিকাষৰীয়া মনোমোহা জলাহভূমি দীপৰ বিলৰ বহু শতিকা পুৰণি গছবোৰ এতিয়া নোহোৱা হোৱাৰ পথত। জানিব পৰা মতে, প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ওখ ৰে’লৱে দলং নিৰ্মাণৰ বাবে বিলৰ কাষত থকা এশৰো অধিক গছ চিহ্নিত কৰা হৈছে। প্ৰতিদিনে বিভিন্ন লোকে দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। এই গছবোৰেই তেওঁলোক আকৰ্ষণ কৰে। এই গছবোৰ দীপৰ বিলৰ […] The post এইবাৰ দীপৰ বিলৰ শতিকা পুৰণি গছৰ ওপৰত চৰকাৰৰ শেন চকু : ৰে’লৱে দলং নিৰ্মাণৰ বাবে কটা হ’ব এশৰো অধিক গছ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 12:51 pm

পৃথক পৃথক নহয়, এইবাৰ উচ্চ শিক্ষা নিয়ন্ত্ৰণত ‘এক দেশ, এক সংস্থা’, বিধেয়কত অনুমোদন মোডী কেবিনেটৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চ শিক্ষাৰ বিভিন্ন বিভাগক এইবাৰ এটা কৰ্তৃপক্ষৰ অধীনলৈ আনিব বিচাৰিছে। সেই উদ্দেশ্যে ‘বিকশিত ভাৰত শিক্ষা কৰ্তৃপক্ষ বিধেয়ক’ মন্ত্ৰীসভাত গৃহীত হয়। শীতকালীন অধিৱেশনতে সংসদত দাখিল কৰিব পাৰে বিধেয়কখন। কেন্দ্ৰই অধিৱেশনৰ অন্তিম দিনা হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া ২০২৫ (এইচ ই চি আই) বিধেয়কখন দাখিল কৰাৰ পৰিকল্পনা কৰিছে। মূলতঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত জটিলতা […] The post পৃথক পৃথক নহয়, এইবাৰ উচ্চ শিক্ষা নিয়ন্ত্ৰণত ‘এক দেশ, এক সংস্থা’, বিধেয়কত অনুমোদন মোডী কেবিনেটৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 13 Dec 2025 12:10 pm